ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী বাসুগাওঁ চহৰৰ ৪নং ওৱাৰ্ড গোগলাপাৰাৰ বাসিন্দা ভানু চন্দ্ৰ ৰায় ওৰফে ভানু বাবুয়ে ৭৪ বছৰ বয়সত মঙলবাৰ পুৱতি নিশা ২:৪০ বজাত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে । এগৰাকী আপোচবিহীন ব্যক্তিত্বৰ আদৰ্শ শিক্ষক, সমাজসেৱক, সাহিত্যনুৰাগী, সংস্কৃতিবান তথা বিভিন্ন সামাজিক সংগঠনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত থাকি সমাজৰ হকে কাম কৰি যোৱা ভানু চন্দ্ৰ ৰায় বিগত কিছুদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল।
ভানু চন্দ্ৰ ৰায়ৰ মৃত্যুৰ খবৰ বিয়পি পৰাত বাসুগাঁও চহৰত গভীৰ শোকৰ ছাঁ পৰিছে।পুৱাৰে পৰা বিভিন্ন দল সংগঠনৰ উপৰি তেখেতৰ গুণমুগ্ধ লোকসকলে গোগলাপাৰাৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে আৰু শতাধিক লোকৰ উপস্থিতিত বাসুগাঁও ৰাজহুৱা মহাশ্মশানত শেষকৃত্য সম্পন্ন কৰে। ভানু চন্দ্ৰ ৰায় মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, জীয়ৰী, বোৱাৰী নাতিসহ বহু আত্মীয়ক ইহ সংসাৰত থৈ যায় । ইপিনে ভানু চন্দ্ৰ ৰায়ৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত তেখেতৰ কৰ্মস্থলী শান্তিপুৰ হাইস্কুলৰ উপৰি শান্তিপুৰ এলেকাতো শোকৰ ছাঁ নামি পৰে।
উচ্চ শিক্ষাৰ দিশত অতিকৈ পিছ পৰা অঞ্চল হিচাপে চিহ্নিত শান্তিপুৰ এলেকাত তেখেতৰ প্ৰচেষ্টাত আৰু স্থানীয় একাংশ সচেতন লোকৰ সহযোগত ১৯৭৭ চনত শান্তিপুৰ হাইস্কুলখন প্ৰতিষ্ঠা কৰি নিজেই প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিছিল । বড়োলেণ্ড আন্দোলনৰ সময়ছোৱাত এক জটিল আইন শৃংখলা জনিত পৰিস্থিতিৰ মাজতেও তেখেতে নিজৰ নিৰাপত্তা কথা চিন্তা নকৰি নিয়মিত ভাৱে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিছিল।
সুদীৰ্ঘ ৩৩ বছৰ কাল শান্তিপুৰ হাইস্কুলৰ প্ৰধান শিক্ষকৰ দায়িত্ব নিৰ্বাহ কৰি ২০১০ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল। শান্তিপুৰ হাইস্কুলৰ কৰ্মৰত সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলে এক শোকসভাৰ জৰিয়তে প্ৰয়াত ভানু চন্দ্ৰ ৰায়ৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিটৰ মৌন প্ৰাৰ্থনা কৰে আৰু উপস্থিত বিভিন্ন জনে তেখেতৰ জীৱনৰ স্মৃতিচাৰণ কৰে ।