নাই খোৱা পানীৰ ব্যৱস্থাঃ নিজেই কুঁৱা খান্দিবলৈ গৈ প্ৰাণ হেৰুৱালে এজনে

পৰিয়ালৰ বাবে নিত্য প্ৰয়োজনীয় খোৱাপানীৰ বাবে কুঁৱা খান্দি থকাৰ সময়তে ওপৰৰ পৰা মাটি খহি পোত গৈ এজন লোকৰ কৰুণ মৃত্যু হোৱাৰ দৰে এক কৰুণ ঘটনা সংঘটিত হৈছে অঞ্চলটোত।

author-image
Asomiya Pratidin
New Update
নাই খোৱা পানীৰ ব্যৱস্থাঃ নিজেই কুঁৱা খান্দিবলৈ গৈ প্ৰাণ হেৰুৱালে এজনে

ডিজিটেল সংবাদ, চিৰাং: পানীয়েই প্ৰাণীৰ প্ৰাণ। দেহ পুৰি নিয়া, এই প্ৰখৰ গ্ৰীষ্ম প্ৰবাহৰ মাজত পানীৰ প্ৰয়োজনীয়তাৰ কথা নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। আৰু এই পানীৰ বাবেই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাৰ খুংগ্ৰীং বনাঞ্চলৰ অতিকৈ দুৰ্গম অঞ্চল ২ নং সত্যপুৰ বনগাঁৱত এক কৰুণ ঘটনা সংঘটিত হৈছে। 

Advertisment

পৰিয়ালৰ বাবে নিত্য প্ৰয়োজনীয় খোৱাপানীৰ বন্দোবস্ত কৰিবলৈ ঘৰৰ কাষতে নিজেই কুৱা খান্দি থকা অৱস্থাত ওপৰৰ পৰা মাটি খহি পোত গৈ এজন লোকৰ কৰুণ মৃত্যু হোৱাৰ দৰে এক কৰুণ ঘটনা সংঘটিত হৈছে এই অঞ্চলটোত। মৃত লোকজনক স্থানীয় চেৰমেন মুছাহাৰী (৪৯) বুলি চিনাক্ত কৰা হৈছে । 

অতি দুৰ্ভাগ্যজনক কথা এয়াই যে যোৱা সোমবাৰ দুপৰীয়া ১২ বজাতে সংঘটিত হোৱা এই শোকাৱহ ঘটনাত মাটিত পোত যোৱা লোকজনৰ মৃতদেহ আজিও উদ্ধাৰ কৰিব পৰা নাই। আশ্চৰ্য্যজনক বিষয় যে সোমবাৰ দিনা সংঘটিত হোৱা এই দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক অৱগত নকৰি বিগত দুদিন ধৰি গাঁওবাসীয়ে নিজাববীয়াকৈ এস্কেভেটৰ লগাই উদ্ধাৰ অভিযান চলাই আহিছিল।  

কিন্তু তেওঁলোক সফল হ’ব নোৱাৰিলে। আজি পুৱা সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ লোকে তথ্য লাভ কৰাৰ পিছতে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গ অৱগত কৰে। 

তাৰ পিছতেই ৰুণীখাতা আৰক্ষী থানা আৰু শান্তিপুৰ পুলিচ চকীৰ পৰা আৰক্ষীৰ লোক পৃথকে পৃথকে দুৰ্ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ অভিযান চলাবলৈ এছ ডি আৰ এফ বাহিনীৰ পোষকতা কৰি আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষ অৱগত কৰে। 

তাৰ পিছত কাজলগাঁৱৰ পৰা এছ ডি আৰ এফৰ এটা দল দুৰ্ঘটনাস্থলীত গৈ উপস্থিত হয়। দুপৰীয়া ৩৭ ডিগ্ৰী ছেলছিয়াছ গৰমৰ মাজতে এছ ডি আৰ এফ বাহিনীৰ জোৱানসকলে খনন কাৰ্য্যৰ মাজেৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বাতৰি লিখাৰ সময়লৈকে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। 

ইপিনে সন্ধিয়া হোৱাৰ বাবে আজি উদ্ধাৰ অভিযান স্থগিত ৰাখিবলৈ বাধ্য হয়। বৃহস্পতিবাৰে পুৱাৰ পৰা এছডিআৰএফ বাহিনীয়ে এস্কেভেটৰেৰে খনন কৰি পুনৰ উদ্ধাৰ অভিযান চলাব বুলি জানিব পৰা গৈছে।

চিৰাং