কাজলগাঁৱত ৮৫ লাখৰো অধিক ধনেৰে নিৰ্মিত জিলা পুথিভঁৰাল গৃহৰ শুভ উদ্বোধন...

কাজলগাঁৱত ৮৫ লাখৰো অধিক ধনেৰে নিৰ্মিত জিলা পুথিভঁৰাল গৃহৰ শুভ উদ্বোধন...
কাজলগাঁৱত ৮৫ লাখৰো অধিক ধনেৰে নিৰ্মিত জিলা পুথিভঁৰাল গৃহৰ শুভ উদ্বোধন...

ডিজিটেল সংবাদ চিৰাংঃ আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত নৱনিৰ্মিত জিলা পুথিভঁৰাল আৰু কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে বিটিচিৰ তথ্য আৰু জনসংযোগ তথা পুথি ভঁৰাল বিভাগৰ কাৰ্যবাহী সদস্য ড০ নিলুট স্বৰ্গীয়াৰীয়ে ৷ তিনি মহলীয়া কাজলগাঁও জিলা পুথিভঁৰাল কাৰ্যালয়ৰ গৃহ মুকলি কৰি ড০ নিলুট স্বৰ্গীয়াৰীয়ে বিটিচিত শান্তি চুক্তিৰ জৰিয়তে শান্তি বিৰাজ কৰাৰ পাছত বিটিচি প্ৰশাসনে শিক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে ৷

তেওঁ পুথি ভঁৰালসমূহৰ জৰিয়তে জ্ঞানৰ কেন্দ্ৰ স্থাপন কৰি মানৱ সম্পদ গঢ়াৰ দিশত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি কাজলগাঁৱস্থিত জিলা পুথিভঁৰাল কাৰ্যালয়টোক আধুনিকৰণ কৰা হ'ব বুলিও উদ্বোধনী ভাষণত উল্লেখ কৰে ৷ অনুষ্ঠানত চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কাজলগাঁৱত জিলা পুথিভঁৰাল স্থাপনে জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যয়নশীল লোকৰ উপৰি গৱেষণা কৰি থকা সকলোকে সহায় কৰিব বুলি আশা ব্যক্ত কৰে ৷

তেওঁ বিটিচি প্ৰশাসনৰ পৰা বিটিচিৰ মুঠ চল্লিশটা পৰিষদীয় সমষ্টিতে একোটাকৈ প্ৰেক্ষাগৃহ স্থাপন কৰাৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে ৷ এনেদৰে জিলা পুথিভঁৰালত সুন্দৰভাৱে পৰিচালনা কৰাৰ দিশত ৰাইজৰ সহযোগিতা কামনা কৰে ৷

বিটিচিৰ এককালীন বিশেষ পুঁজিৰ বিগত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ ৮৫ লাখ ৩৬ হেজাৰ ১৮২ টকা ব্যয় সাপেক্ষে নিৰ্মিত জিলা পুথিভঁৰাল মুকলি অনুষ্ঠানত বিটিচিৰ পাৰিষদ চাইখং বসুমতাৰী, বিটিচিৰ বিভাগীয় চি এইছ ডি চাঞ্চুমৈ বড়ো, চিৰাং জিলা বড়ো সাহিত্য সভাৰ সভাপতি নগেন্দ্ৰ নাৰ্জাৰী, কাজলগাঁও পৌৰসভাৰ সভাপতি উপেন্দ্ৰ মুছাহাৰী, চিৰাং জিলা ইউ পি পি এল দলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মসহ কেবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে ৷

কাজলগাঁৱত ৮৫ লাখৰো অধিক ধনেৰে নিৰ্মিত জিলা পুথিভঁৰাল গৃহৰ শুভ উদ্বোধন...
পীযুষ হাজৰীকাৰ উপস্থিতিত অসম মল্লযুঁজ সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in