/asomiyapratidin/media/media_files/2025/05/29/ZJUmLn4OlTa0EsOv7aoA.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত এলেকাৰ মেলেৰিয়া প্ৰাদুৰ্ভাৱ থকা এলেকাৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিৰাং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাওঁ শোধনাগাৰৰ সহযোগত বামুনগাঁৱত মেলেৰীয়া সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । উক্ত সজাগতামূলক সভাৰ পৰাই হিতাধিকাৰীসকলৰ মাজত ঔষধযুক্ত আঁঠুৱা আৰু কম্বল বিতৰণৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷
বামুণগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু প্ৰাথমিক চিকিৎসালয়ত অনুষ্ঠিত মেলেৰীয়া সজাগতামূলক সভা মুকলি কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ৷ এই অনুষ্ঠানত অংশ লৈ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰীয়ে কয় যে, চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাত প্ৰতিবছৰে মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ ঘটে। বাৰিষাৰ বতৰত এই মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে ।
তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাত বসবাস কৰা জনসাধাৰণক মেলেৰীয়া ৰোগৰ পৰা হাতসাৰি থাকিবলৈ তেওঁলোকৰ মাজত ঔষধযুক্ত আঁঠুৱা আৰু ব্যৱহাৰযোগ্য কম্বল বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু কাৰ্য্যসূচীৰ প্ৰতি সহাঁৰি জনাই সহায় কৰিবলৈ আগবাঢ়ি আহে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষ।
তাৰবাবে বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মূৰব্বী নয়ন কুমাৰ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে, বঙাইগাওঁ শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আঁচনি (CSR) ৰ অধীনত চিৰাং জিলাত ২০ হেজাৰ কম্বল আৰু ২৮ হেজাৰ আঁঠুৱা বিতৰণ কৰা হ'ব আৰু তাৰে আজি শুভাৰম্ভ কৰা হয় ।
আজিৰ মেলেৰিয়া সজাগতামূলক সভাত সাংসদদ্বয় ৰৌনগৌৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰীৰ লগতে বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মূৰব্বী নয়ন কুমাৰ বৰুৱা, স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰেজাউল কৰিম, স্বাস্থ্য বিষয়া ৰাজেশ পাণ্ডে সহ অন্যান্য চিকিৎসক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ৷