কোকৰাঝাৰত মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিক

ৰাজ্যৰ ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ আহি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বহু দল -সংগঠনক সাক্ষাৎ কৰে।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে বিভিন্ন দল -সংগঠনৰ প্ৰতিনিধিক

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ইতিহাস সৃষ্টি কৰি ৰাজ্যৰ ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ আহি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি বাজেট অধিৱেশনৰ পূৰ্বে কেবাটাও দল -সংগঠনক সাক্ষাৎ কৰি বিভিন্ন সমস্যাৰ বুজ লয়। কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বি এল আহুজাৰ নেৰ্তৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সতে বিশ্ববিদ্যালয়খনৰ সৰ্বাংগীন উন্নয়নৰ বাবে আলোচনাত মিলিত হয় আৰু আনুষংগিক সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়ে ।

Advertisment

ইয়াৰোপৰি বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীৰ নেৰ্তৃত্বত যোৱা প্ৰতিনিধি দল, সদৌ চাওতালী ছাত্ৰ সন্থাৰ সভাপতি ৰিমান চৰেনৰ নেৰ্তৃত্বত যোৱা প্ৰতিনিধি দল, বিটিআৰ গোৰ্খা সমাজৰ হৈ উত্তম প্ৰধানৰ নেৰ্তৃত্বত যোৱা প্ৰতিনিধি দল, বড়ো মহিলা লেখিকা সন্থা, বিটিআৰ আক্ৰাছু, সদৌ বাথৌ মহাসভা, ব্ৰহ্ম ধৰ্ম সমন্বয়ৰক্ষী সমিতি, সদৌ বিটিআৰ গৰিয়া মৰিয়া জাতীয় পৰিষদ, সূত্ৰধৰ ছাত্ৰ সন্থা, কোকৰাঝাৰ ইস্কন মন্দিৰ, বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ফেকাল্টি, দেশী জনগোষ্ঠীয় মঞ্চ, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ বিটিআৰ চাহ জনজাতি জলহা যুৱ ছাত্ৰ পৰিষদ, সদৌ বড়ো এছোচিয়েছন, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আদিকে ধৰি আন কেবাটাও দল সংগঠনৰ নেৰ্তৃবৰ্গই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি নিজ দাবীৰ সমৰ্থনত স্মাৰকপত্ৰ প্ৰদান কৰে।

ইপিনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সতে হোৱা আলোচনা ফলপ্ৰসু আছিল বুলি মন্তব্য কৰি সমূহ আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে । বিবৃতিত তেওঁ কয়, যিহেতু  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমাৰ লগত আলোচনাত মিলিত হৈ আমাৰ দাবীসমূহ এইবাৰৰ বাজেট অধিবেশনত পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু সেয়েহে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সকলো আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হৈছে ।

অহা এপ্ৰিল মাহত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথে আজি মুখ্যমন্ত্ৰীক ১২ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰা বুলি উল্লেখ কৰে। 

কোকৰাঝাৰ ড০ হিমন্ত বিশ্ব শৰ্মা