/asomiyapratidin/media/media_files/2025/04/14/4KRYg0UsYnIqqUpaol8A.jpg)
ডিজিটেল সংবাদ বৰমাঃ আজি বাক্সা জিলাৰ মুৰমেলাত অনুষ্ঠিত হয় চড়ক পূজা। বঙালী সম্প্ৰদায়ৰ লোকসকলে প্ৰতি বছৰে চ'ত মাহৰ ৩১ তাৰিখে পালন কৰি আহিছে চড়ক পূজা।
এই চড়ক পূজাত বৰশীৰে পিঠিত বিন্ধাই পৰম্পৰাগতভাৱে কৰি অহা খেল পৰিবেশন কৰা হয়। তাৰোপৰি কেইবাটাও অদ্ভুত খেল পৰিবেশন কৰি উপস্থিত সহস্ৰাধিক ৰাইজক আমোদ দিয়ে।
৭৫ বছৰ ধৰি চলি থকা চড়ক পূজা অনুষ্ঠানৰ জৰিয়তে দেওধনি দিয়া লোকসকলক সেৱাও জনাইছে উপস্থিত লোকসকলে। সম্পূৰ্ণ ৯ দিন ধৰি আৰাধ্য দেৱতা শিৱক পূজা আৰাধনা কৰাৰ অন্তত আজি বঙালী সম্প্ৰদায়ৰ লোকসকলে চড়ক পূজা পালন কৰে বুলি জানিবলৈ দিয়ে পূজা কমিটীয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us