Advertisment

ওদালগুৰিৰ বিভিন্ন প্ৰান্তত কা-ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ওদালগুৰি-হৰিশিঙা-ৰৌতাত কা-ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ওদালগুৰিৰ বিভিন্ন প্ৰান্তত কা-ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ওদালগুৰিঃ আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে বৃহস্পতিবাৰে ৰাজ্যজুৰি ৰাজহুৱা স্থানত ক'লা পতাকা উৰুৱাই কা-ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্ততো আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

Advertisment

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই আজি জিলা সদৰৰ মিচন চ'ক, লক্ষ্মী মন্দিৰৰ সন্মুখ, ৰাম জানকী চ'ক, ওদালগুৰি বাছ ষ্টেণ্ডৰ লগতে সংগঠনটোৰ শ্বহীদ ভৱনৰ ওপৰ মহলাতো ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে। এই সন্দৰ্ভত আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অৰ্ণৱজান ওজাঁৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা ছাত্ৰকৰ্মীসকলে কোনো কাৰণতে কা' মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে।

আগন্তুক দিনতো সংগঠনটোৱে কা'ৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন চলাই নিয়াৰ কথা ঘোষণা কৰে। একেদৰে হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাইও হৰিশিঙাৰ বিভিন্ন বজাৰ তথা ৰাজহুৱা স্থানত ক'লা পতাকা উৰুৱাই কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাই ৰৌতা চাৰিআলিৰ বিভিন্ন স্থানত ক'লা পতাকা উৰুৱাই কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: ঢকুৱাখনা মহকুমা চিভিল হাস্পতালত ড্ৰাগছ ষ্ট'ৰ উদ্বোধন...

caa protest aasu