Advertisment

বালাজান তিনালীৰ কেইবাখনো প্ৰতিষ্ঠানত চুৰিকাণ্ড...

কোকৰাঝাৰ জিলাৰ বালাজান তিনালীৰ কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত কালি নিশা চুৰিকাণ্ড সংঘটিত হয় । বালাজান তিনালীৰ জলি ফাৰ্টিলাইজাৰ , দীপক মেডিকেল, ধৰণী এণ্টাৰপ্ৰাইজৰ পৰা চোৰে নগদ ধন লৈ যায়।

author-image
Asomiya Pratidin
New Update
বালাজান তিনালীৰ কেইবাখনো প্ৰতিষ্ঠানত চুৰিকাণ্ড...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীৰ কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত কালি নিশা চুৰিকাণ্ড সংঘটিত হয় । বালাজান তিনালীৰ জলি ফাৰ্টিলাইজাৰ , দীপক মেডিকেল, ধৰণী এণ্টাৰপ্ৰাইজৰ পৰা চোৰে নগদ ধন লৈ যায়।

Advertisment

আনহাতে চোৰে আন দুখন ব্যৱসায়িক প্ৰতিষ্ঠানতো চুৰ কৰাৰ চেষ্ঠা চলাইছিল যদিও ব্যৰ্থ হয় । জলি ফাৰ্টিলাইজাৰ স্বত্বাধিকাৰী সুব্ৰত সেনে জনোৱা মতে জী-জোঁৱাইৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁ বঙাইগাঁৱলৈ গৈছিল আৰু বিক্ৰী হোৱা প্ৰায় ১ লাখ ৩৫ হাজাৰ টকা তেওঁৰ লৰাই কেচবক্সতে এৰি থৈ ঘৰলৈ যায়।

আজি ৰাতিপুৱা দোকান খুলিব গৈ চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে । দোকানৰ  চি চি কেমেৰাত আৱদ্ধ হোৱা চি চি কেমেৰাৰ ভিজুৱেল অনুসৰি চোৰটো হাফপেণ্ট পৰিধান কৰি মুখত মাস্ক লগাই দোকানৰ ভিতৰত প্ৰৱেশ কৰিছিল ।

ড্ৰয়াৰ ভাঙি প্লাষ্টিকৰ পলিথিনত টকাখিনি সোমাই চোৰ উধাও হয় । আনহাতে দীপক মেডিকেল আৰু ধৰণী এণ্টাৰপ্ৰাইজৰ পৰা চোৰে দোকানৰ ড্ৰয়াৰত থকা সামান্য পৰিমানৰ টকা, খুচুৰা পইচা লৈ উধাও হয় ।

উল্লেখ্য যে বহু হিংসাত্মক ঘটনাৰ সাক্ষী বালাজান তিনালীত ২০১৬ চনৰ পাঁচ আগষ্টত দুৰ্বৃত্তই  ১৬ জনকৈ নিৰীহ লোকক দিন- দুপৰতে গুলীয়াই হত্যা কৰাৰ উপৰিও বহুসংখ্যক লোকক গুলীয়াই আহত কৰিছিল। তেতিয়াৰে পৰা ২৪ ঘণ্টাই বালাজান তিনালীত নিৰাপত্তাৰক্ষী মোতায়ন হৈ আছিল।

কিন্ত যোৱা দুবছৰমানৰ পৰা অকল দিনৰ ভাগত হে বালাজান উপ-আৰক্ষী চকীৰ পৰা মাত্ৰ এজন কনিষ্টবলে বালাজান তিনালীত কৰ্তব্য সমাপন কৰি আহিছে। নিশাৰ ভাগত কোনোধৰণৰ পহৰাৰ ব্যৱস্থা নথকাৰ সুযোগ লৈ বালাজান তিনালীত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে ।

বালাজান তিনালী ব্যৱসায়ী সন্থাৰ সভাপতি ধনঞ্জয় নাথ আৰু সম্পাদক দৰবিন্দ বসুমতাৰীয়ে বালাজান তিনালীত পুণৰাই ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে । বালাজান তিনালীৰ চুৰিকাণ্ডক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো অপৰাধীৰ সন্ধান পোৱা নাই বুলি বালাজান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰামিকা নেওঁগে সদৰি কৰিছে । 

কোকৰাঝাৰ চুৰি কাণ্ড বালাজান