/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e68f8737-b784-41d3-958e-ec896c45d22d/207.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ কলেজ চ'কত শুকুৰবাৰে বিটিআৰৰ পৰ্যটন বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা এটি আটক ধুনীয়া জিৰণি চ'ৰা আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰা হয় । পুৱা ১০ বজাত এক মাঙ্গলিক পৰিৱেশত জিৰণি চ'ৰাটো মুকলি কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ড০ ধৰ্মনাৰায়ন দাসে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8f415aa4-3612-483a-8c93-6a26b4fb6e6a/48cca9f3_b82c_4a00_bc87_b9e67b9ac694.jpg)
জিৰণি চ'ৰা মুকলি অনুষ্ঠানত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নাগ্ৰীজুলি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ ঢকাল, নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চৰণ নাৰ্জাৰী, কনিষ্ঠ অভিযন্তা ফৰাইউজুদ্দিন শ্বেখ, নাগ্ৰীজুলি টিচিএলচিচিৰ অধ্যক্ষ ৰাম প্ৰসাদ বাস্তলা, টিচিএলচিচিৰ উপাধক্ষ দিলীপ বৰ্মন, তামুলপুৰ জিলা বিজেপিৰ সম্পাদক ভজন দাস, নাগ্ৰীজুলি ভিচিডিচিৰ অধ্যক্ষ ভানু মজুমদাৰ, নাগ্ৰীজুলি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী, ই-ৰিক্সা চালক সন্থাৰ সদস্যসকলৰ উপৰি স্থানীয় ৰাইজে আৰু বুদ্ধিজীৱী সকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/32633a70-0519-4718-b77d-4e63172f58cc/d5af4c93_86ca_418e_9174_814927ed7b8e.jpg)
জিৰণি চ'ৰাটো মুকলি কৰি পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসে কয় যে, সমগ্ৰ বিটিআৰৰ ভিতৰতে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন হৈছে ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলি অঞ্চল। ইতিমধ্যে নাগ্ৰীজুলিৰ আইলেণ্ডকে ধৰি বিভিন্ন ঠাইত পৰ্যটন বিভাগৰ পৰা দেশী বিদেশী পৰ্যটক সকলক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/74f20feb-c6df-4b91-8ff8-0e837744ffcd/48cca9f3_b82c_4a00_bc87_b9e67b9ac694.jpg)
এই কথা উল্লেখ কৰি তেওঁ কয় যে, অনাগত দিনত নাগ্ৰীজুলি অঞ্চলটো ৰাজ্যৰ ভিতৰতে পৰ্যটন ক্ষেত্ৰ হিচাপে এক অনন্য মাত্ৰা লাভ কৰিব। সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ বাবে তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথৰ নাগ্ৰীজুলি কলেজ চ'কত আটকধুনিয়াকৈ নিৰ্মান কৰা বৃহৎ আকাৰৰ জিৰণি চ’ৰাটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে তেওঁ অনুৰোধ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/99000541-4317-4d94-bfce-e497be7207d1/0afcce9d_20ab_4866_8791_c7588ddf1dd0.jpg)
বিশেষকৈ জিৰণি চ'ৰাটোৰ গাতে লাগি থকা নাগ্ৰীজুলি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলক দৃষ্টি ৰাখি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ আহ্বান জনায় । যান বাহনৰ চলাচল বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই অনুষ্ঠানতে নাগ্ৰীজুলি কলেজ চ'ক আৰু নাগ্ৰীজুলি বজাৰ সংযোগী পথত অৰঙা নৈৰ ওপৰত দ্বিতীয়খন পকী দলং অচিৰেই নিৰ্মান হ’ব বুলিও সদৰী কৰে কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাসে।
Also Read: টাইম নাই !