/asomiyapratidin/media/media_files/2025/06/09/g0fYAIdoGZTlnrnIhwT0.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ পৰাই প্ৰমোদ বড়োৱে আৰম্ভ কৰিলে নিৰ্বাচনী ৰণডংকা। বৰ্তমানলৈকে বিটিচি নিৰ্বাচনৰ তাৰিখ ঘোষিত হোৱা নাই যদিও প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে বিটিচিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।
এইক্ষেত্ৰত ইউপিপিএল দল আগবাঢ়ি আছে আৰু ইতিমধ্যে বৃহৎ বৃহৎ সভা অনুষ্ঠিত কৰি চমক সৃষ্টি কৰিছে । এনে এক সভাৰ অংশস্বৰূপে আজি বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দেবৰগাঁৱৰ তিতাগুৰী মাজপাৰাত ইউপিপিএলৰ এক বৃহৎ হিতাধিকাৰী তথা আৰ্থ সামাজিক সজাগতা সভা অনুষ্ঠিত হয়।
উক্ত সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীক ক্ষুৰাধাৰ সমালোচনা কৰি দেৱৰগাঁও সমষ্টিত এইবাৰ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ পৰাজয় নিশ্চিত বুলি দাবী কৰে।দেৱৰগাঁও সমষ্টিত এইবাৰ ইউপিপিএল দলৰ প্ৰাৰ্থীয়ে বিজয় সাৱস্ত কৰিব বুলি দাবী কৰি সমষ্টিটোত এইবাৰ ইউপিপিএল দলৰ পৰা মহিলা প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।
তদুপৰি সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে কয় যে ১৭ বছৰীয়া শাসনকালত হাগ্ৰামা মহিলাৰীয়ে নিজৰ গৃহ সমষ্টিতে একো উন্নয়নৰ কাম কৰা নাই । যি দুই চাৰিটা পথ নিজৰ মানুহৰ দ্বাৰা বনাইছিল সেয়াও জহি-খহি গৈছ বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে ১৭ বছৰত হাগ্ৰামা মহিলাৰীয়ে ৭০০টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিছিল কিন্তু ইউপিপিএলে চাৰে চাৰি বছৰতে ৬০০০ ৰো অধিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।
তদুপৰি স্বাধীনতাৰ ৭৫ বছৰ পিছতো সমাধান নোহোৱা মাটিৰ সমস্যা সমাধান কৰা হৈছে। ইউপিপিএলৰ জন্মই হৈছে শান্তি-সম্প্ৰীতি, উন্নয়ন, ন্যায়, নিৰাপত্তা বাহাল ৰখা আৰু এই ধাৰা অব্যাহত ৰাখিবলৈ ইউপিপিএল দল বদ্ধ পৰিকল্প বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। হিংসামুক্ত, অস্ত্ৰমুক্ত আৰু বিকশিত বড়োলেণ্ড গঢ়াৰ লক্ষ্যত ইউপিপিএল দল স্থিৰ বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰি বড়োলেণ্ড চিকিমৰ দৰে শান্তিপূৰ্ণ হৈ থকাৰ আশা প্ৰকাশ কৰিছে।
ইপিনে বিটিআৰত নতুনকৈ গাঁও অন্তভুক্তিকৰণ সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে, সেয়া ঐতিহাসিক বিটিআৰ চুক্তি মৰ্মে হৈছে। আজিৰ সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, দেৱৰগাঁও ব্লক কমিটিৰ সভাপতি বিজিত গৌৰা বসুমতাৰী আদিকে ধৰি বহু বিশিষ্ট ব্যাক্তিসকলে অংশগ্ৰহণ কৰাৰ বিপৰীতে প্ৰচণ্ড গৰমকো নেওঁচি প্ৰায় দহ সহস্ৰাধিক সাধাৰণ জনতা উপস্থিত আছিল।