অসম সাহিত্য সভাত বিটিআৰত অসমীয়া ভাষাৰ অৱহেলা বিষয় উত্থাপিত

কিছুদিন ধৰি বিটিআৰৰ বিভিন্ন প্ৰান্তত বিতৰণ কৰা চৰকাৰী আঁচনিৰ প্ৰ-পত্ৰত অসমীয়া ভাষাক অৱহেলা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাত বিটিআৰত অসমীয়া ভাষাৰ অৱহেলা বিষয় উত্থাপিত

ডিজিটেল সংবাদ, ওদালগুৰিঃ কিছুদিন ধৰি বিটিআৰৰ বিভিন্ন প্ৰান্তত বিতৰণ কৰা চৰকাৰী আঁচনিৰ প্ৰ-পত্ৰত অসমীয়া ভাষাক অৱহেলা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ ৰেচন কাৰ্ড, উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰকে ধৰি বিভিন্ন চৰকাৰী আঁচনিসমূহৰ কাগজ পত্ৰত অসমীয়া ভাষাৰ সলনি বড়ো, ইংৰাজী অথবা অন্যান্য ভাষা ব্যৱহাৰক লৈ কেতবোৰ দল-সংগঠন প্ৰতিবাদ মুখৰ হৈ আছে।

Advertisment

এনে সময়তে শুকুৰবাৰে মৰিগাওঁ জিলাৰ বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ প্ৰথম মুকলি সভাত বিষয়টোৱে স্থান পোৱা দেখা যায়। মুকলি সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই বিষয়টো উল্লেখ কৰি দুখ প্ৰকাশ কৰে। বিটিআৰৰ বিভিন্ন শাখা সাহিত্য সভাসমূহৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত এই বক্তব্য কৰা বুলি মুকলি সভাৰ ভাষণত স্পষ্টভাৱে প্ৰকাশ কৰে। এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টোত ব্যৱস্থা গ্ৰহণৰ বাবে মঞ্চৰ পৰাই অনুৰোধ জনায়।

Also Read: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং শাখাৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি

udalguri btr assam sahitya sabha