/asomiyapratidin/media/media_files/2025/05/16/epwLG8bIEoWLG0BgyfFG.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ আজি ওদালগুৰিৰ ভৈৰৱকুণ্ডস্থিত ধনশ্ৰী ৰিজ’ৰ্ট চৌহদত অনুষ্ঠিত হৈ যায় ইউপিপিএল দলৰ এক বিশেষ প্ৰশিক্ষণ শিৱিৰ। উক্ত শিৱিৰত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।
বড়োৱে উপস্থিত প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যে ভাষণ প্ৰদান কৰে।ইয়াৰ পাছত সাংবাদিকৰে সৈতে হোৱা সাক্ষাৎকাৰত প্ৰমোদ বড়োৱে কয়, প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ কথা চিন্তা কৰিব। যিদৰে বিজেপিয়ে নিজৰ কথা চিন্তা কৰি বিটিচিত কাম কৰি আছে একেদৰে ইউপিপিএলেও নিজৰ কথা চিন্তা কৰি কাম কৰি আছো।
তেওঁ কয়, যিহেতু কেন্দ্ৰ, ৰাজ্য আৰু বিটিচিত আমাৰ মিলিত চৰকাৰ আছে, গতিকে বিটিচি নিৰ্বাচনৰ পূৰ্বেও আমি আলোচনা কৰিম। আমি বিটিচিৰ ৪০ টা সমষ্টিতে নিৰ্বাচন খেলিম। কিন্তু ক'ত, কেনেকৈ খেলিম সেয়া আলোচনাৰ মাজেৰে খেলিম।
বিটিচিৰ ৪০ টা সমষ্টিৰ ৪৪৫ টা প্ৰাইমাৰীত ইউপিপিএলৰ ৩২০০ টা বুথ আছে। সেই বুথসমূহত আমিও কাম কৰি আছো, আন দলেও কাম কৰি আছে। এই সন্দৰ্ভত মূখ্যমন্ত্ৰীৰে আলোচনা কৰি ক'ত কেনেদৰে সুবিধাজনক হ’ব সেইমৰ্মে নিৰ্বাচন খেলিম।
অহা নিৰ্বাচনত কিমান আসন পাম সেয়া নকও, কিন্তু যোৱা চাৰে চাৰি বছৰত ৰাইজৰ হৈ কাম কৰি আহিছো। যোৱা বিপিএফ কাৰ্যকালৰ ১৭ বছৰৰ সৈতে আমাৰ চাৰে চাৰি বছৰ তুলনা কৰিলে আকাশ পাতাল হ’ব।
যি ধৰণে আমি সৰ্বাঙ্গীণ উন্নয়ণৰ বাবে কাম কৰি আহিছো, মই ভাৱো দুগৰাকীমান বিৰোধীক বাদ দি সকলো সুখী। বৰ্তমান ইউপিপিএলৰ বাবে কোনো এটা সমষ্টিয়েই প্ৰত্যাহ্বান নহয় বুলি উল্লেখ কৰি কয়, বিটিচিৰ হাগ্ৰামা মহিলাৰীয়ে জয়ী হৈ অহা দেৱৰগাওঁ সমষ্টিতে এইবাৰ হাজাৰ হাজাৰ লোকে ইউপিপিএলত যোগদান কৰিছে। আনকি তেওঁলোকৰ দলৰ নেতাসকলেও আমাৰ দলত যোগদান কৰিছে।
গতিকে সেই সময়ত উক্ত সমষ্টিটোৰ লগতে আটাইকেইটা সমষ্টিৰ কোনোটোতেই আমাৰ প্ৰত্যাহ্বান নাই। হাগ্ৰামা মহিলাৰীয়ে প্ৰতিটো নিৰ্বাচনতে বিপিএফ দল জিকিব বুলি উল্লেখ কৰি অহাৰ পাছতো লোকসভাৰ লগতে বিধানসভাৰ উপনিৰ্বাচন সমূহত আমি ইউপিপিএলেই জিকিবলৈ সক্ষম হৈছো।
ৰাজনীতি কৰিবলৈ অহা প্ৰতিজন ব্যক্তিয়েই নিৰ্বাচনত জয়ী হোৱাৰ সপোন দেখে। কিন্তু হাগ্ৰামাৰ দৰে ব্যক্তি এজনে মূল্য নোহোৱা কথা কোৱাটো একো লাভ নাই। ইফালে বিটিচিৰ আগন্তুক পৰিকল্পনা সন্দৰ্ভত উল্লেখ কৰি বড়োৱে কয় যে, বিটিচিৰ এতিয়া পূৰ্ৱৰ সেই পৰিৱেশ নাই। বিটিচিলৈ ৩৬ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে বিনিয়োগকাৰী আগবাঢ়ি আহিছে।
গতিকে উক্ত বাণিজ্যিক ব্যৱস্থাৰ মাজেৰে আমাৰ হাজাৰ হাজাৰ নিৱনুৱা সংস্থাপিত হ’ব। গতিকে বিটিআৰত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সম বিকাশ আৰু সম উন্নয়ণৰ বাবে আমি কাম কৰি আহিছো।
মন কৰিবলগীয়া বিষয় যে যোৱা পঞ্চায়ত নিৰ্বাচনত লাভ কৰা অভূতপূৰ্ৱ সফলতাৰ পাছত বিজেপি দলৰ পৰৱৰ্তী লক্ষ্য বিটিচি নিৰ্বাচন। তেনে ক্ষেত্ৰত বিজেপিৰ স্থিতিৰ সমানে ইউপিপিএল দলে যদিও সমানে নিৰ্বাচন কেন্দ্ৰীক তৎপৰতা দেখুৱাইছে সেয়া বৰ্তমানৰ দুযোটা মিত্ৰদলৰ আলোচনাৰ পাছত লোৱা সিদ্ধান্ততহে স্পষ্ট হৈ পৰিব।