বিটিচিৰ বাজেট অধিবেশন সম্পন্নঃ অসন্তুষ্ট বিৰোধী

কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিটিচিৰ বাজেট অধিবেশন আজি সমাপ্ত পৰে।৮৪৩ কোটি টকাৰ বাজেট সৰ্বসন্মতিক্ৰমে গৃহীত।

author-image
Asomiya Pratidin
New Update
বিটিচিৰ বাজেট অধিবেশন সম্পন্নঃ অসন্তুষ্ট বিৰোধী

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিটিচিৰ বাজেট অধিবেশন আজি সমাপ্ত পৰে। বিটিচিৰ সদনত ২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাবে ৮৪৩ কোটি টকাৰ বাজেট সৰ্বসন্মতিক্ৰমে গৃহীত হয় ।

Advertisment

ইয়াৰোপৰি বিটিচিত নতুনকৈ জনগোষ্ঠীয় কল্যাণ বিভাগ গঠনত অনুমোদন জনায় সদনে। বাজেট কাৰ্যসূচীৰ সামৰণিৰ অন্তত বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসে বাজেটখনক জনমুখী, কল্যাণকামী বাজেট বুলি অভিহিত কৰে।

বিপিএফৰ ১৭ বছৰীয়া কাৰ্যকালত এনেধৰণৰ বাজেট দেখা পোৱা নগৈছিল বুলি মন্তব্য কৰি গৌতম দাসে প্ৰমোদ বড়োৰ দুৰদৰ্শী চিন্তাৰ পৰিণতিতে বিটিআৰবাসীৰ সপোন সাৰ্থক হ'ব বুলি মন্তব্য কৰিছে । শিশু-মহিলাৰ উন্নয়ন, কৃষিখণ্ডৰ উন্নয়ন , শিক্ষা আদিকে ধৰি সকলো বিভাগতে প্ৰভূত উন্নয়ন হ'ব বুলি দাবী কৰি নতুনকৈ জনগোষ্ঠীয় কল্যাণ বিভাগ গঠনৰ দ্বাৰাদি বিটিটিআৰত বসবাস কৰা সকলো জাতি-জনগোষ্ঠী লাভাম্বিত হোৱাৰ লগতে বিটিআৰবাসী ৰাইজৰ আশা-আকাংক্ষা বাস্তৱত ৰূপায়ন হ'ব বুলি মন্তব্য কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসে।

ইপিনে বিৰোধী দলপতি তথা বিপিএফৰ নিৰ্বাচিত সদস্য দেৰহাছাৎ বসুমতাৰীয়ে বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। বাজেটৰ দ্বাৰা বিটিআৰ ৰাইজৰ আশা-আকাংক্ষা পুৰণ হোৱা নাই আৰু বাজেটত কোনো নতুনত্ব নাই বুলি মন্তব্য কৰি বাজেটখনে ৰাইজৰ কোনো ধৰণৰ আশা-আকাংক্ষা পুৰণ কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে ।

তদুপৰি জনসংখ্যা অনুপাতে বাজেটত ধন নিৰ্ধাৰণ কৰা হোৱা নাই বুলিও মন্তব্য কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে। আনহাতে সংবাদমাধ্যমৰ আগত দেৰহাছাৎ বসুমতাৰীয়ে প্ৰধানমন্ত্ৰী গৃহ আৱাস যোজনাৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চনা কৰাৰ গুৰতৰ অভিযোগ কৰিছে । তেওঁ কয় যে যদিহে হিতাধিকাৰীসকল বিজেপি, বিপিএফ, কংগ্ৰেছ, এআইইউডিএফ আদি দলৰ সদস্য হয় তেনেহলে তেওঁলোজৰ ঘৰত ইউপিপিএল চৰকাৰে জিঅ' টেগিং নকৰে।

ইয়াৰ পৰিবৰ্তে অকল ইউপিপিএল দলৰ সদস্যৰ ঘৰত হে জিঅ' টেগিং কৰিছে যিটো দেখদেখকৈ গাইডলাইন ভঙ্গ কৰিছে। তদুপৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নামানি জীৱিকা সখীৰ পৰিবৰ্তে ইউপিপিএলৰ নেতা পালিনেতাই বলপূৰ্বভাৱে গুণ্ডাগিৰি প্ৰদৰ্শন কৰি জিঅ' টেগিং কৰিছে বুলি অভিযোগ কৰি বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে।

উল্লেখ্য যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত বিটিচি চৰকাৰে পুণৰগঠন বিভাগ (Transformation dept)ত সৰ্বাধিক ১২৬.২৬ কোটি ধাৰ্য কৰাৰ বিপৰীতে শিক্ষাত ১০৫.০৫ কোটি, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত ৯৮.৬৩ কোটি ধাৰ্য কৰিছে । 

বি টি আৰ বিটিচি