বিটিচিৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটখনক কপিপেষ্ট আখ্যা বিপিএফৰ

বিটিচিৰ বাজেট অধিবেশন দুদিনীয়া কাৰ্যসূচীৰে সমাপ্ত হোৱাৰ পিছত আৰু সদনত বাজেট সৰ্বসন্মতিৰে গৃহীত হোৱাৰ পিছত আজি বাজেটক লৈ সৰৱ হৈ উঠিছে বিপিএফ দল।

author-image
Asomiya Pratidin
New Update
বিটিচিৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটখনক কপিপেষ্ট আখ্যা বিপিএফৰ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচিৰ বাজেট অধিবেশন দুদিনীয়া কাৰ্যসূচীৰে সমাপ্ত হোৱাৰ পিছত আৰু সদনত বাজেট সৰ্বসন্মতিৰে গৃহীত হোৱাৰ পিছত আজি বাজেটক লৈ সৰৱ হৈ উঠিছে বিপিএফ দল। কোকৰাঝাৰৰ গৌৰাং ভেলী হোটেলত আজি আয়োজিত হোৱা এক সংবাদমেলত বিপিএফৰ মুখপত্ৰ কমল আজাদে বিটিচিৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটখনক কপিপেষ্ট, ফাংফুং আৰু টীমলেছ বাজেট আখ্যা দিছে। 

Advertisment

বিটিচিৰ বাজেটক কঠোৰ সমালোচনা কৰি বিপিএফৰ মুখপত্ৰ কমল আজাদে কয় যে যোৱা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটখনকে  কপি পেষ্ট কৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰিছে। প্ৰমোদ বড়ো চৰকাৰক কঠোৰ সমালোচনা কৰি কমল আজাদে কয় যে, যোৱা বিত্তীয় বৰ্ষত বিভিন্ন বিভাগত আৱণ্টিত পুঁজি ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই প্ৰমোদ বড়োৰ চৰকাৰে । 

এয়া অতিকে লজ্জাজনক আৰু দূৰ্ভাগ্যৰ বিষয় বুলি মন্তব্য কৰি সংবাদমেলত আজাদে কয় যে প্ৰমোদ বড়োৰ হাতত থকা বিভাগেও আনকি পুঁজি সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰমোদ বড়োৱে এনেই ঢাক-ঢোল বজায় বুলি মন্তব্য কৰি কমল আজাদে কয় যে যোৱা বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২৪-২৫ ত পুৰ্ণগঠন বিভাগত ২৯৯২ লাখ, শিক্ষাত ৯২ লাখ , কৃষিত ১০৩ লাখ , জলসিঞ্চনত ১৯৪ লাখ, বন বিভাগত ১২১ লাখ , জনজাতি পৰিক্ৰমা , লোকনিৰ্মান আদিকে ধৰি আন কেবাটাও বিভাগত সৰ্বমুঠ ৩৯৩৪ লাখ ব্যৱহাৰ কৰিব পৰা নাই ।

বাজেটত ধন থকাৰ পিছতো ব্যৱহাৰ কৰিব নোৱাৰাটো বিটিচিবাসীৰ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে কমল আজাদে। ইপিনে প্ৰমোদ বড়োৱে নতুনকৈ জনগোষ্ঠী কল্যাণ বিভাগ খোলাৰ কথা কৈছে যদিও বাজেটত সেই বিভাগত কোনো পুঁজি আৱণ্টন নকৰাটোৱে উদ্দেশ্যৰ প্ৰতি সন্দিহান কৰি তুলিছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিটিচি ভালদৰে চলাব পৰা নাই আৰু কথাৰ লগত কামৰ কোনো মিল নাই বুলি মন্তব্য কৰে আজাদে । 

নন প্লেন , নন চেলাৰী বাজেটৰ ধন খৰছ নকৰা বাবে এইবাৰ বাজেট শুন্য হৈছে আৰু অহাবাৰ হয়তো ৰাজ্য চৰকাৰে সেয়া উঠাই দিব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে মিচন আৰু ভিজন ডকুমেণ্ট কৰিব গৈ হাস্যকৰ ভাৱে অনুসূচিত জাতি সম্প্ৰদায়, আদিবাসী আছা সম্প্ৰদায়, মুছলমান সম্প্ৰদায় বনাইছে বুলি অভিযোগ কৰে।  জাতি -জনগোষ্ঠীৰ সংৰক্ষিত বন্ধ তালিকাৰ নামত অনুসূচিত জাতি সম্প্ৰদায়, আদিবাসী আছা সম্প্ৰদায় গঠন কৰাটো দূৰ্ভাগ্যজনক বুলিও মন্তব্য কৰিছে বিপিএফৰ মুখপত্ৰ কমল আজাদে । 
 

বি টি চি বি পি এফ