কোকৰাঝাৰত খাম্পা বৰগয়াৰীৰ সংবাদমেলঃ UPPLক সমালোচনা...

নিৰ্বাচনত বি পি এফৰ বাবে UPPL ফেক্টৰেই নহয় বুলি ঘোষণা
কোকৰাঝাৰত খাম্পা বৰগয়াৰীৰ সংবাদমেলঃ UPPLক সমালোচনায়...
কোকৰাঝাৰত খাম্পা বৰগয়াৰীৰ সংবাদমেলঃ UPPLক সমালোচনায়...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফৰ তিনিজনীয়া পেনেলৰ পৰা শেষমুহূৰ্তত কোনে প্ৰাৰ্থীত্ব লাভ কৰিব তাকে লৈ জল্পনা -কল্পনা অব্যাহত থকাৰ সময়তে আজি বিপিএফৰ উপ-সভাপতি তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি তেওঁৱেই প্ৰাৰ্থীত্ব লাভ কৰিব বুলি দাবী কৰিছে।

কোকৰাঝাৰৰ নিজ বাসগৃহত আয়োজিত হোৱা এক সংবাদমেলত খাম্পা বৰগয়াৰীয়ে কয় যে, নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বিপিএফে প্ৰাৰ্থী ঘোষণা কৰিব। তিনিজনীয়া পেনেল লিষ্টৰ ভিতৰত তেওঁৰ নামটোৱে চূড়ান্ত হ'ব।

বিপিএফে কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং- ওদালগুৰি লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব আৰু দুয়োটা সমষ্টিতে বিজয়ী হ'ব বুলি মন্তব্য কৰি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিৰোধী দলে অপপ্ৰচাৰত লিপ্ত হোৱা বুলি অভিযোগ কৰে। নিৰ্বাচনত ইউপিপিএল বিপিএফৰ বাবে কোনো ফেক্টৰ নহয় বুলি দাবী কৰি বিপিএফে কংগ্ৰেছৰ সতে মিত্ৰতাৰ বাবে আলোচনাত বহা কথাটোও ভিত্তিহীন বুলি দাবী কৰিছে।

বিপিএফ দলক ক্ষতি কৰাৰ বাবে বিপিএফৰ বিৰোধীয়ে কংগ্ৰেছৰ সতে বিপিএফে মিত্ৰতা কৰা বুলি মিছা অপ্ৰচাৰত চলাইছে ৷ বিপিএফে বিজেপি, কংগ্ৰেছ কাৰো সতেই মিত্ৰতা নকৰে আৰু লোকসভা নিৰ্বাচন বিপিএফ দলে অকলেই খেলিব বুলি মন্তব্য কৰিছে খাম্পা বৰগয়াৰীয়ে। সংবাদমেলত ইউপিপিএল দলক সমালোচনা কৰি খাম্পা বৰগয়াৰীয়ে কয় যে- ইউপিপিএলে বহু নতুন আঁচনি লোৱা বুলি কয়। কিন্তু কাৰ্যত ৰাইজৰ হকে একো কাম কৰা নাই।

তেওঁ কয় - ইউপিপিএল চৰকাৰে বিগত সময়ছোৱাত এখনো স্কুল-কলেজ নিৰ্মাণ নকৰিলে। কৃষকৰ বাবে পানীযোগান আঁচনি নবনালে। ৰাস্তা-দলং নবনালে। নতুন ৰাস্তা বাদেই দিয়ক বিপিএফ চৰকাৰে বনোৱা ৰাস্তাসমূহো বৰ্তমানৰ চৰকাৰে মেৰামতি কৰিব নোৱাৰিলে। বিপিএফৰ দিনত যি উন্নয়ন হৈছিল সেইখিনিয়ে আছে বুলি মন্তব্য কৰি তেওঁৰ সমষ্টিত বৰ্তমান চৰকাৰে সম্পন্ন কৰা নতুন কাম দেখুৱাই দিবলৈ প্ৰত্যাহ্বান জনাইছে।

ইপিনে নিৰ্বাচনৰ পূৰ্বে খাম্পা বৰগয়াৰীক এগৰাকী মহিলাৰে সৈতে জড়িত কৰি নাৰী কেলেংকাৰী কৰা বুলি এটা ভিডিঅ' ভাইৰেল হোৱাত আজি খাম্পা বৰগয়াৰীয়ে নিজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । খাম্পা বৰগয়াৰী কয় যে, উক্ত ভিডিঅ'টো এটা ৱেবচাইট যোগে সম্প্ৰচাৰিত হৈছে আৰু তেওঁ মানহানিৰ গোচৰ তৰিছে। উক্ত গোকট মিছা ভিডিঅ'টোৱে তেওঁৰ মান-সন্মান আৰু সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰিছে বুলি মন্তব্য কৰি তেওঁৰ প্ৰতি যাতে কাৰো কণমানো সন্দেহ নাথাকে তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাইছে।

কোকৰাঝাৰত খাম্পা বৰগয়াৰীৰ সংবাদমেলঃ UPPLক সমালোচনায়...
''দেউতা মোক ক্ষমা কৰিবা, মই নোৱাৰিলো''- হতাশা, মানসিক চাপৰ চৰম পৰিণতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in