কোকৰাঝাৰত বিপিএফৰ বিশেষ যোগদান কাৰ্যসূচী

কোকৰাঝাৰত বিপিএফৰ বিশেষ যোগদান কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত বিপিএফৰ বিশেষ যোগদান কাৰ্যসূচী

ডিজিটেল সংবাদ, কোকৰাঝাৰ: "কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে চৰকাৰ চলাই থকা সত্বেও বিজেপি দলৰ নেতা-সদস্যসকলে বিজেপি দল এৰি কি কাৰণত বিপিএফ দললৈ আহি আছে, তাৰ কাৰণ মই বুজি পোৱা নাই" ৷ বুধবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত বিপিএফৰ বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে।

Advertisment

উক্ত যোগদান কাৰ্যসূচীত বিজেপিৰ ১৬২ আৰু ইউপিপিএলৰ ১২৩ সদস্য অৰ্থাৎ সৰ্বমুঠ ২৮৫ জন সদস্যই বিপিএফত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ বিপিএফত যোগদান কৰা সকলক দলীয় প্ৰতীকি আৰু আৰনাইৰে আদৰণি জনায় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু দলৰ অন্যান্য নেতৃবৃন্দই ৷

যোগদান সভাৰ অন্তত সংবাদমাধ্যমৰ আগত মহিলাৰীয়ে কয় যে, কি কাৰণত বিজেপি আৰু ইউপিপিএলৰ সদস্যসকলে বিপিএফত যোগদান কৰিবলৈ ইচ্ছুক হৈছে সেয়া তেওঁৰ বোধগম্য নহয় যদিও বিপিএফ দলৰ বাবে এয়া সৌভাগ্য।

বুধবাৰে বাক্সা জিলাত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু সেই সভাটো বহুসংখ্যক বিজেপি আৰু ইউপিপিএলৰ সদস্যই বিপিএফত যোগদান কৰিব। তদুপৰি অহা ২ ডিচেম্বৰতো ওদালগুৰীত যোগদান সভা অনুষ্ঠিত হ'ব ।

ইউপিপিএলে সন্তোষজনকভাৱে চৰকাৰ চলাব পৰা নাই আৰু সেয়ে বিটিআৰত ইউপিপিএলৰ প্ৰতি মোহভংগ হৈ বিপিএফত যোগদান কৰিছে বহু ইউপিপিএলৰ নেতা কৰ্মীসকলে ৷

প্ৰমোদ বড়োৰ বিটিচি চলোৱাৰ কোনো যোগ্যতা নাই বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, ইউপিপিএলৰ লগত চৰকাৰ চলাই বিজেপিয়েও ভাল পোৱা নাই, যাৰ বাবেই হয়তো বিজেপিৰ বহুতো কৰ্মী বিপিএফ দলত যোগদান কৰিছে ৷ তদুপৰি বিটিচিৰ চাকৰি দিয়াৰ ক্ষমতা প্ৰমোদ বড়োই দিছপুৰক গতাই দিছে বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।

আনহাতে বিপিএফৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ইউপিপিএলত যোগদান কৰিব তথা আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কোকৰাঝাৰত লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব বুলি ওলোৱা বাতৰি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি "চন্দন ব্ৰহ্ম কোন মই চিনি নাপাওঁ, ইয়াৰ কথা মোক নুশুধিব" বুলি কৈ বিষয়টো সমাপ্ত কৰে ।

উল্লেখ্য যে, কোকৰাঝাৰ জিলা বিপিএফৰ উদ্যোগত অনুষ্ঠিত হোৱা বুধবাৰৰ যোগদান কাৰ্যসূচীত বিটিচি বিধান পৰিষদৰ বিৰোধী দলপতি তথা বিপিএফৰ কোকৰাঝাৰ জিলা সভাপতি দেৰহাছাৎ বসুমতাৰী, এমচিএলএ প্ৰকাশ বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মকে ধৰি বিপিএফৰ কেইবাগৰাকী নেতা উপস্থিত আছিল ৷

Also Read: ১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...

bpf