/asomiyapratidin/media/media_files/2024/12/02/06MoVZBSePDY1yt0fkBv.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ "চাৰি মাহ পিছত পুনৰ আমি বি টি চিৰ শাসনলৈ আহিম। বি টি চিত আমাৰ স্থিতি আন দলতকৈ ভাল। গতিকে ইউ পি পি এল, বিজেপি, কংগ্ৰেছ কোনো দলৰ সৈতে আমি মিত্ৰতা নকৰাকৈ বি টি চি নিৰ্বাচনত অৱতীৰ্ন হম। প্ৰমোদ বড়ো বিগ জিৰো।"
ওদালগুৰি জিলা বিপিএফৰ ১১ সংখ্যক বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্ৰহন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে দলটোৰ সভাপতি তথা বি টি চিৰ প্ৰাক্তন চীফ হাগ্ৰামা মহিলাৰীয়ে। ওদালগুৰিৰ মনপুৰ খেল পথাৰত অনুষ্ঠিত বিশাল মুকলি সভাত ভাষণ প্ৰসংগত মহিলাৰীয়ে কয়- শাসনলৈ আহিলে আমাৰ এজেণ্ডা হ'ব মাটিৰ পট্টা বিতৰন।
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উতীৰ্ণ বিটিচিৰ শীৰ্ষ দহ জনকৈ ছাত্ৰ-ছাত্ৰীক পাঁচ লাখকৈ টকা দিয়াৰ কথা মুকলিকৈ ঘোষণাও কৰে মহিলাৰীয়ে। বি টি চিৰ ৪০ টা পৰিষদীয় সমষ্টিৰ প্ৰতিটো সমষ্টিৰ দুই হেজাৰকৈ দৰিদ্ৰ লোক অৰ্থাৎ মুঠ ৮০ হেজাৰ লোকক অৰ্থ সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে মহিলাৰীয়ে।
ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কয় আমি লোকসভা আৰু উপনিৰ্বাচন এনেইহে খেলিছিলোঁ। এইবাৰ ২০২৫ তহে আচল খেল আমি দেখুৱাই দিম।
দুইটা নিৰ্বাচন বি জে পি আৰু ইউ পি পি এলে একেলগে খেলিলেও বি টি চি নিৰ্বাচন দুয়োটা দলে নিজাকৈ খেলিব। চি এম ছাৰেও কৈছে আৰু মোৰ ফিল্ড ৰিপোৰ্ট মতেও দুয়োটা দলে বেলেগে বেলেগে খেলিব বি টি চি নিৰ্বাচন।
এনেকৈ হ'লে প্ৰমোদ বড়ো বিগ জিৰো। আমিয়ে বিটিচিত চৰকাৰ গঠন কৰিম। বি টি চিৰ প্ৰাক্তন ডেপুটী চীফ তথা হাগ্ৰামা মহিলাৰীৰ সোঁহাত খাম্ফা বৰগয়াৰীৰ বি জে পি গমনকলৈয়ো মন্তব্য কৰে মহিলাৰীয়ে।
তেওঁ কয় ময়ো শুনিছে, কিন্তু খাম্ফাই বি জে পিৰ টুপী, মালাটো এতিয়ালৈ পিন্ধা নাই। পিছত কি কৰে নাজানো। আনহাতে আগন্তুক বিটিআৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতেই অনুষ্ঠিত কৰাৰ দাবী কৰে মহিলাৰীয়ে।
ইপিনে খাম্ফায়ে দল এৰিলে দলটোৰ ক্ষতি হ'ব বুলি উল্লেখ কৰি তেওঁক দল এৰি নাযাবলৈ একপ্ৰকাৰ আহ্বান জনায় প্ৰাক্তন মন্ত্ৰী তথা বি পি এফ নেতা ৰিহন দৈমাৰীয়ে। ৰিহন দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত হাগ্ৰামা মহিলাৰীৰ লগতে বিধায়ক চৰন বড়ো, ধনশ্ৰী সমষ্টিৰ পাৰিষদ ফ্ৰেছ মোছাহাৰী,দলৰ উপ সভাপতি ৰবিনচন মুছাহাৰীকে ধৰি কেবাগৰাকীও বি পি এফ নেতাই অংশ গ্ৰহণ কৰে।