/asomiyapratidin/media/media_files/2025/05/16/K6pEK7JsFcnqZJXpNIbs.jpg)
ডিজিটেল ডেস্কঃ বড়ো লিখক সংস্থা (ভাৰত) আৰু মেচে সমাজ সেৱক সভা (নেপাল) ৰ যৌথ উদ্যোগত অহা ১৮ মে'ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নেপালৰ কোচি ৰাজ্যৰ অন্তৰ্গত ঝাপা জিলাৰ ধাইজান অঞ্চলত থকা মেচে সমাজ সেৱক সভাৰ সভাগৃহত ৬৩ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰিব বুলি বড়ো লিখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে জনাইছে।
কাৰ্যসূচী অনুসৰি ১৮ মে'ৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব বড়ো লিখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰী আৰু মেচে সমাজ সেৱক সভাৰ সভাপতি বীৰেন্দ্ৰ মেচেই। পুৱা ১০ বজাত বড়ো মাধ্যম দিৱসৰ নামত বন্তি প্ৰজ্বলন কৰিব।
পুৱা ১০-৩০ বজাত মৃতকসকলৰ নামত পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বড়ো লিখক সংস্থাৰ সাধাৰণ সম্পাদক আনন্দ ৰাম ঔৱাৰীয়ে। পুৱা ১১ বজাত সম্বৰ্ধনা, সাহাৰ্য্য আৰু বড়ো মাধ্যম দিৱসৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত হ’ব।
উক্ত সম্বৰ্ধনা অনুষ্ঠানত নেপালৰ প্ৰথম বড়ো ভাষাৰ শিক্ষয়িত্ৰী সুনীতা মেচে, নেপালৰ বড়ো ভাষাৰ লিখক সন্তলাল মেচে, মেচে সমাজ সুধাৰ সমিতিৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদক কানাইলাল মেচে, মেচে সমাজ সুধাৰ সমিতিৰ প্ৰতিস্থাপক সদস্য সন্তবীৰ মেচে, নেপালৰ প্ৰধান মন্ত্ৰীৰ ব্যক্তিগত সচিব ৰশ্মি মেচে আদিক সম্বৰ্ধনা জনোৱাৰ লগতে নেপালৰ প্ৰাথমিক বিদ্যালয়বোৰত বড়ো বিষয় পঢ়া ছাত্ৰ-ছাত্ৰীসকলক সাহাৰ্য্য প্ৰদান কৰিব।
উক্ত অনুষ্ঠানটো সঞ্চালনা কৰিব বড়ো লিখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে। আদৰণী ভাষণ ৰাখিব মেচে সমাজ সেৱক সভাৰ সভাপতি বীৰেন্দ্ৰ মেচেই। অনুষ্ঠানটো উদ্বোধন কৰিব বড়ো লিখক সংস্থাৰ উপদেষ্টা ৰাখাও বসুমতাৰীয়ে।
মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মেচী নগৰ পালিকাৰ মেয়ৰ গোপাল চন্দ্ৰ বুঢ়াঠকীয়ে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব মেচী নগৰ পালিকাৰ উপ মেয়ৰ পখাৰেল আপ্ৰেটী, নেপাল সংসদৰ প্ৰথম বড়ো সাংসদ চন্দ্ৰলাল মেচে, নেপাল সংসদৰ প্ৰথম বড়ো মহিলা সাংসদ কুমাৰী মেচে আৰু সদৌ বড়ো সমাজৰ সাধাৰণ সম্পাদক কমলা কান্ত বসুমতাৰীয়ে।
আলোচনাচক্ৰত পাঠ কৰিব মতিন্দ্ৰ দৈমাৰী, ড০ বিজিতগিৰি বসুমতাৰী আৰু দেভেন্দ্ৰজিত বসুমতাৰীয়ে। আবেলি ২ বজাত সাহিত্য অনুষ্ঠানটো সঞ্চালনা কৰিব বড়ো লিখক সংস্থাৰ উপ সভাপতি মানৱ ৰামছিয়াৰীয়ে। উক্ত অনুষ্ঠানটোত ভাৰতৰ পৰা বহু শতাধিক বড়ো সাহিত্যিকে অংশগ্ৰহণ কৰিব বুলি বড়ো লিখক সংস্থাৰ সাধাৰণ সম্পাদক আনন্দ ৰাম ঔৱাৰীয়ে জানিবলৈ দিছে।