/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/8e40f773-3d1f-4080-b2c0-9c1a4f8df281/77.jpg)
ডিজিটেল সংবাদ,তামুলপুৰঃ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ ১ নং পাহাৰপুৰত বোমা বিস্ফোৰন অঘটন ৷ ভয়ংকৰ বিস্ফোৰণৰ শব্দই কঁপাই গ'ল সমগ্ৰ গাঁও । বিহুৰ আনন্দ উল্লাসৰ মাজতে তামুলপুৰত সেনাৰ প্ৰশিক্ষণৰ সময়ত লক্ষ্যভ্ৰষ্ট হৈ মৰ্টাৰ বিস্ফোৰণ ৷
১ নং পাহাৰপুৰৰ চানু চুব্বাৰ ঘৰত এই ঘটনা ৷ বোমাৰ অৱশিষ্ট অংশৰ পৰা কথমপি প্ৰাণৰক্ষা সাত জনীয়া পৰিয়ালটোৰ লোক সকলৰ ৷ আজি পুৱাৰে পৰা পাহাৰপুৰ ফায়াৰিংৰেঞ্জত চলিছিল সেনাৰ নিয়মীয়া প্ৰশিক্ষণ ৷ প্ৰশিক্ষণৰ লক্ষ্যভ্ৰষ্ট হৈ পাহাৰত নপৰি এখন মুকলি পথাৰত চিটিকি পৰি পুনৰ ১ নং পাহাৰ পুৰৰ চানু চুব্বাৰ ঘৰত পৰে আৰ্টিলেৰী বোমাৰ অৱশিষ্ট ৷
Also Read: নগাঁৱত জুনিয়ৰ টেনিচ প্ৰতিযোগীতা