/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5a9af064-adc0-4b71-b647-8605dc19a7be/bodoland_unoversity.jpg)
বড়োলেণ্ড বিশ্ববিদ্যালয়ত নিষিদ্ধ অসমীয়া ভাষা ! কেৱল ইংৰাজীতহে লিখিব পাৰিব শিক্ষাৰ্থীয়ে...
ডিজিটেল ডেস্কঃ অসমীয়া ভাষাৰ ওপৰত আন এক আঘাত ! বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বিতাৰিত কৰা হ'ল অসমীয়া ভাষা। এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অসমীয়া ভাষাত নোৱাৰিব লিখিব। দিব নোৱাৰিব পৰীক্ষা।
শেহতীয়াকৈ অসমীয়া ভাষাৰ ওপৰত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে এটাৰ পাছত আন এটাকৈ আক্ৰমণ চলি থকাৰ পাছত এইবাৰ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষা প্ৰত্যাহাৰ কৰি নিজ ৰাজ্যখনতে অসমীয়া ভাষাক গুৰুত্বহীন কৰিলে।
এক নিৰ্দেশনাৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ স্নাতক বৰ্ষৰ শিক্ষাৰ্থী আৰু বিশ্ববিদ্যালয়খনৰ অধীনস্থ মুঠ ৫৯ খং মহাবিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা কেৱল ইংৰাজীতহে লিখিব পাৰিব বুলি জনাইছে। কেৱল এম আই এলৰ ক্ষেত্ৰতহে এই নতুন নিৰ্দেশনা কাৰ্যকৰী নহ'ব।
বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিষদৰ ২৮ মাৰ্চৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সিদ্ধান্তত অনুমোদন জনাইছিল বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে। সেই অনুসৰিয়েই এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ অধীনস্থ ৫৯ খন মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ মেজৰকে ধৰি সকলো পাঠ্যক্ৰমৰ শিক্ষাৰ্থীয়ে কেৱল ইংৰাজী ভাষাতহে লিখিব পাৰিব।
এই সন্দৰ্ভত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাডেমিক ৰেজিষ্টাৰ ড° মঞ্জিল বসুমতাৰীয়ে কয়, যদিও মেজৰ পাঠ্যক্ৰমত ইংৰাজীত লিখাৰ নিয়ম আছে তথাপিও ছাত্ৰ -ছাত্ৰীক অসমীয়াত লিখাৰ অনুমতি দিয়া হয়। অসমীয়াত প্ৰশ্নকাকত তৈয়াৰ কৰা আৰু মূল্যায়ন কৰাত অসুবিধাৰ সৃষ্টি হয়।
তেওঁ কয়, শিক্ষকসকলে অসমীয়াত প্ৰশ্নকাকত তৈয়াৰ কৰিবলৈ আৰু মূল্যায়ন কৰিবলৈ টান পায় ।যাৰ বাবে পৰীক্ষাৰ ৰিজাল্ট দিওতেও পলম হয় । বড়োলেণ্ড বিশ্বিদ্যালয়ৰ অধীনস্থ ডিগ্ৰী কলেজসমূহৰ পৰা আমালৈ অসমীয়াত উত্তৰ লিখাৰ বাবে অনুৰোধ আহে। আমি মৌখিকভাৱে অনুমতি দিও ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/50eff56e-1136-4fb8-baa0-167a4c1ca5e6/30a91d86_87c3_4ab0_9f66_bebf8b5be9f1.jpg)
Also Read: ৬ ঘণ্টাত ৩ টা বিধ্বংসী অগ্নিকাণ্ডঃ সোণাপুৰ, ৰঙাপাৰাৰ পাছত যোৰহাট...