/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0a9f1c7b-4782-4b30-98e7-c8c015a31266/BTC_18.jpg)
বিটিচিৰ বাজেট অধিবেশন আৰম্ভঃ প্ৰমোদ বড়োৱে দাখিল কৰিলে বাজেট...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি বিধান পৰিষদীয় ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ বাজেট অধিবেশন। অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বিটিচিৰ বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বিটিচিৰ মুখ্য কাৰ্যবাহী তথা বিত্ত বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৱে বিটিচিৰ ২০২৪- ২৫ বিত্তীয় বৰ্ষৰ বাবে ২০৮৪ কোটি ৭৮ লাখ ৬১ হাজাৰ টকাৰ সাধাৰণ বাজেট দাখিল কৰে।
ইয়াত আয়ৰ হিচাপ দেখুওৱা হৈছে ২০০৪ কোটি ৬২ লাখ ২৭ হাজাৰ টকা অৰ্থাৎ বাজেট ঘাটিৰ পৰিমান হ'ল ৮০কোটি ১৬ লাখ ৩৪ হাজাৰ টকা।আয়ৰ শিতানত দেখুওৱা ২০০৪ কোটি ৬২ লাখ ২৭ হাজাৰ টকাৰ ভিতৰত ৰাজহ শিতানৰ পৰা ১২ কোটি ৭৭ লাখ ৮৫ হাজাৰ টকা, ৰাজহবিহীন শিতানৰ পৰা ৫৮ কোটি ৬১ লাখ ৮০ হাজাৰ টকা আৰু সাহাৰ্য আৰু অনুদানৰ পৰা ১৯৩২ কোটি ২২ লাখ ৬২ হাজাৰ টকা লাভ কৰিব বুলি কোৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d2779c1f-e86d-429a-80e7-b773dd291847/7b2938be-0f58-4b83-9c4f-c5d559a78665.jpg)
আনহাতে ২০২৪ -২৫ বিত্তীয় বৰ্ষৰ বাবে বিটিচিৰ ৪০ টা বিভাগত এচঅ'পিডিৰ অধীনত ৮০৩ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। এচঅ'পিডিৰ বজেটখনেই প্ৰকৃততে মূল বাজেট বুলি পৰিগণিত হৈ আহিছে। বিটিচিৰ ৮০৩ কোটিৰ বাজেটত সৰ্বাধিক শিক্ষা বিভাগত ১০৫ কোটি ৫ লাখ টকা আৱণ্টন দিয়াৰ বিপৰীতে ভৈয়াম জনজাতি কল্যাণ আৰু পিছপৰা শ্ৰেণী বিভাগত ৯৮ কোটি ৬৩ লাখ টকা, গড়কাপ্টানী বিভাগত ৯৩ কোটি ৬৯ লাখ টকা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ৩৮ কোটি ৫২ লাখ টকা, কৃষিত ২৬ কোটি ৯৪ লাখ টকা, বন বিভাগত ৩৮ কোটি ৩৮ লাখ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৪৭ কোটি ৭৪ লাখ টকা আৱণ্টন দিয়া হৈছে।
আনহাতে লটাৰী বিভাগত সৰ্বনিম্ন ১ লাখ টকা আৱণ্টন দিয়া হৈছে। লক্ষণীয় যে বিটিচিৰ এচঅ'পিডি বাজেটৰ মুঠ দুই শতাংশ ধন অৰ্থাৎ ১৬ কোটি টকা গ্ৰীণ বড়োলেণ্ড মিছনৰ নামত আৱণ্টন দিয়া হৈছে। তদুপৰি বড়োলেণ্ড চাইল্ড ৰাইট মিচনৰ নামত বাজেটৰ ১ শতাংশ ধন অৰ্থাৎ ৮ কোটি টকা, বিশেষ ভাৱে সক্ষম লোকৰ বাবে বাজেটৰ ১ শতাংশ ধন অৰ্থাৎ ৮ কোটি টকা, বিটিচিৰ মুখ্য কাৰ্যবাহীৰ বিশেষ আঁচনিৰ বাবে ৩৫ কোটি টকা আৱণ্টন দিয়া হৈছে । লক্ষণীয়ভাৱে Transformation & Dev.(ৰূপান্তৰ আৰু উন্নয়ন শিতানত ) এইবেলি ৮০ কোটি টকা ধাৰ্য কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3d8dd352-9dd8-4010-b958-d9feef573d0d/78ebe028-77c7-46ac-b4fb-8f6397ffb534.jpg)
ইপিনে আজিৰ বাজেট অধিবেশনৰ পিছত কাৰ্যবাহী সদস্য গৌতম দাসে বাজেটৰ বিষয়ে সদৰি কৰা মতে সদনত বিটিআৰ চুক্তিৰ বিষয়ে আলোচনা কৰা হয়। গ্ৰীণ বিটিআৰ মিছন, চাইল্ড ৰাইট মিছন আদিকে ধৰি আন কেবাটাও ফ্লেগশ্বীপ প্ৰগামৰ ওপৰত আলোচনা কৰা হয় বুলি সদৰি কৰিছে। কাইলৈ বাজেটৰ ওপৰত আলোচনা কৰা হ'ব আৰু বাজেট গৃহীত কৰা হ'ব বুলি সদৰি কৰিছে কাৰ্যবাহী সদস্য গৌতম দাসে।
ইপিনে বিটিচিৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে বাজেটক সমালোচনা কৰি কয় যে, বাজেটত যি দেখা গৈছে ৰাজহ(revenue expenditure) খৰছ বেছি কিন্তু কেপিটেল (Capital expenditure) খৰছ কম। তেনে হ'লে আন্ত:গাথঁনিমূলক উন্নয়নত অসুবিধাৰ সৃষ্টি হ'ব বুলি আমি ধৰি লৈছো। বহু বিভাগত ৰাজহ (revenue expenditure) খৰছ বেছি কিন্তু কেপিটেল (Capital expenditure) খৰছ কম বুলি দেখুওৱা হৈছে আৰু এই সন্দৰ্ভত আমি কাইলৈ বক্তব্য ৰাখিম।
আনহাতে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খন পূৰ্বৰ মৰ্যদাৰে থাকিব বুলি আজি পবিত্ৰ সদনত চৰকাৰী পক্ষই প্ৰকাশ কৰিছে যদিও আচলতে কথা আৰু কামৰ মাজত মিল নাই বুলি দেৰহাছাৎ বসুমতাৰীয়ে সদৰি কৰিছে। ইতিমধ্যে ছটাকৈ বিভাগ কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হৈছে আৰু বাকী বিভাগ সকলো পৰ্যায়ক্ৰমে স্থানান্তৰ কৰা হ'ব বুলি বিটিচিৰ স্বাস্থ্যবিভাগৰ সঞ্চালক আৰু আৰএনবি চিকিৎসালয়ৰ অধীক্ষকে নিৰ্দেশনা দিয়া বুলি প্ৰকাশ কৰি বিষয়টো সন্দৰ্ভত কাইলৈ প্ৰতিবাদ কৰা হ'ব বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে সদৰি কৰিছে।
ইপিনে আজিৰ সদনতে প্ৰশ্নোত্তোৰ শিতানত বিটিচিৰ নিৰ্বাচিত সদস্য পানীৰাম ব্ৰহ্মই বিটিচি বিধান পৰিষদৰ কিয় পৃথক প্ৰশাসন সৃষ্টি কৰা হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উত্তৰত প্ৰমোদ বড়োৱে পৃথক প্ৰশাসন সৃষ্টি কৰাৰ ৬৪ টা পদসহ অসম চৰকাৰক প্ৰপোজেল দিয়া হৈছে বুলি সদৰি কৰিছে।
আনহাতে বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে কিমানটা বড়ো শ্বহীদৰ পৰিয়ালক পাঁচ লাখকৈ আৰ্থিক অনুদান দিয়া হৈছে বুলি সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয় যে, ২০২২ -২০২৩ বিত্তীয় বৰ্ষত ১০.৫ কোটি টকা অসম চৰকাৰৰ পৰা পোৱা হৈছিল আৰু ২০১ টা শ্বহীদৰ পৰিয়ালক ৫ লাখকৈ দিয়া হৈছে।
আনহাতে ২০২৩ -২৪ বৰ্ষত ১৯.৫৫ লাখ টকা অসম চৰকাৰৰ পৰা পোৱা হৈছিল আৰু ৩৯১ টা শ্বহীদৰ পৰিয়ালক দিয়া হৈছে। উল্লেখ্য যে, প্ৰমোদ বড়োৱে সদনত আজি গ্ৰীণ বড়োলেণ্ড মিছনৰ বিষয়েও সদনক অৱগত কৰে।
ইপিনে সদন চলাকালিন অৱস্থাতে আজি বিটিচি সচিবালয়ৰ গেটৰ বাহিৰত নাগৰিক সচেতন মঞ্চৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন হয়। কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয় পূৰ্বৰ স্থিতিত ৰখাৰ দাবী নাগৰিক সচেতন মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত পিকেটিংকাৰীসকলে নিজ দাবীৰ সমৰ্থনত বিটিচি সচিবালয়ৰ গেটৰ বাহিৰত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীৰ সময়ত নিজ দাবীৰ সমৰ্থনত শ্লোগানো দিয়ে।
ধৰ্ণাত অংশগ্ৰহণ কৰা প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰই ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে, মেডিকেল কলেজৰ স্বাৰ্থত কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয়খন হত্যা কৰিব বিচাৰিছে। মেডিকেল কলেজত কোনো চিকিৎসা নাপায়, সেয়ে তালৈ ৰোগী নাযায় বুলি মন্তব্যৰে পূৰ্বৰ মৰ্যদাৰে কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয় বৰ্তাই ৰখাৰ দাবী জনাইছে প্ৰমিলা ৰাণী ব্ৰহ্মই।
Also Read: চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই চৰম পন্থা ল'লে গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াই...