/asomiyapratidin/media/media_files/2025/06/02/a8WQW7l8u5oDnlay9jg8.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়োলেণ্ডৰ পাঁচখন জিলাত অহা ১৫ জুনৰ পৰা আৰম্ভ হ'ব বড়োলেণ্ড চি ই এম কাপ ১.০ নামেৰে ফুটবলৰ মেগা ইভেণ্ট। ভিচিডিচিৰ পৰা কাউঞ্চিল পৰ্যায়লৈ অনুষ্ঠিত হ'বলগীয়া উক্ত ফুটবল মেগা ইভেণ্টৰ বাবে সৰ্বমুঠ বাজেট ধাৰ্য কৰা হৈছে ৬ কোটি ৪৪ লাখ টকা আৰু ইয়াৰে প্ৰাইজমানি হ'ল ৭২ লাখ ২৫ হাজাৰ টকা।
প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে বিটিচিৰ কাৰ্যনিৰ্বাহক পৰিষদত আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি বড়োলেণ্ড সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক সংবাদমেলত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে উক্ত তথ্য সদৰি কৰি কয় যে, বড়োলেণ্ডত ফুটবল হ'ল প্ৰধান খেল।
তেওঁ কয়, বড়োলেণ্ডত ফুটবলৰ জনপ্ৰিয়তা পূৰ্বৰে পৰা আছে আৰু বড়োলেণ্ড অঞ্চলৰ পৰা বহু খেলুৱৈ ৰাজ্য, দেশক প্ৰতিনিধিত্ব কৰিছে। নতুন প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰা, যুৱচামক খেলৰ যোগেদি সুস্থ-সবল কৰি ৰখা আৰু ফুটবলৰ যোগেদি শান্তি আৰু ঐক্যৰ বাৰ্তা দিবলৈ অহা ১৫ জুনৰ পৰা সমগ্ৰ বড়োলেণ্ড এলেকাত বড়োলেণ্ড চি ই এম কাপ ১.০ নামেৰে ফুটবলৰ মেগা ইভেণ্ট আৰম্ভ হ'ব য’ত বড়োলেণ্ড এলেকাৰ ৪২০ টা ভিচিডিচিক সাঙুৰি লোৱা হ'ব।
উক্ত মেগা ইভেণ্টৰ বাবে আজিৰে পৰা পঞ্জীয়ন আৰম্ভ হৈছে আৰু অহা ১০ জুনলৈ খেলুৱৈ বা দলে পঞ্জীয়ন কৰিব পাৰিব। সৰ্বমুঠ ৪ টা পৰ্যায়ত খেলসমুহ অনুষ্ঠিত কৰা হ'ব আৰু প্ৰথম পৰ্যায়ত ভিচিডিচি, দ্বিতীয় পৰ্যায়ত পৰিষদীয় সমষ্টি, তৃতীয় পৰ্যায়ত জিলা পৰ্যায় আৰু অন্তিমত কাউন্সিল পৰ্যায়ত খেলসমূহ অনুষ্ঠিত কৰা হ'ব।
অহা ১৫ জুনৰ পৰা ভিচিডিচি সমূহত প্ৰথম পৰ্যায়ৰ খেল আৰম্ভ হ'ব। ভিচিডিচিত চেম্পিয়ন হোৱা দলে পৰিষদীয় সমষ্টিত, পৰিষদীয় সমষ্টিত চেম্পিয়ন হোৱা দলে জিলা পৰ্যায়ত আৰু জিলা পৰ্যায়ত চেম্পিয়ন হোৱা দলে কাউন্সিল পৰ্যায়ত খেলিব লাগিব।
বড়োলেণ্ড চিইএম কাপ ১.০ নামেৰ ফুটবলৰ মেগা ইভেণ্টত সৰ্বমুঠ প্ৰাইজমানি হ'ল ৭২ লাখ ২৫ হাজাৰ টকা। ৪২০ টা ভিচিডিচিৰ বিজয়ী দলসমূহে লাভ কৰিব ৭০০০ টকা, বিজিত দলে লাভ কৰিব ৫০০০ টকা আৰু শ্ৰেষ্ঠ খেলুৱৈয়ে লাভ কৰিব ২০০০ টকা।
৪০ টা পৰিষদীয় সমষ্টিৰ প্ৰতিটো বিজয়ী দলে লাভ কৰিব ১০,০০০ টকা, বিজিত দলে লাভ কৰিব ৭০০০ টকা আৰু শ্ৰেষ্ঠ খেলুৱৈয়ে লাভ কৰিব ৩০০০ টকা। আনহাতে পাঁচখন জিলাৰ প্ৰতিটো বিজয়ী দলে লাভ কৰিব ২৫০০০ টকা, বিজিত দলে লাভ কৰিব ১৫০০০ টকা আৰু শ্ৰেষ্ঠ খেলুৱৈয়ে লাভ কৰিব ৫০০০ টকা।
ইপিনে সমগ্ৰ টুৰ্ণামেণ্টৰ ফাইনেলত বিজয়ী হোৱা দলে লাভ কৰি ১,৫০,০০০ টকা, বিজিত দলে লাভ কৰিব ১,০০,০০০ টকা, তৃতীয়স্থান দখল কৰা দলে লাভ কৰিব ৫০,০০০ টকা, শ্ৰেষ্ঠ খেলুৱৈয়ে লাভ কৰিব ১০,০০০ টকা আৰু শ্ৰেষ্ঠ গলকিপাৰে ১০,০০০ টকা লাভ কৰিব বুলি সদৰি কৰিছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে।
প্ৰতিযোগিতাখনি সফল কৰি তোলাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে।