/asomiyapratidin/media/media_files/2025/02/19/nYXNZS2S8fWUtTyJwjON.jpg)
ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ যিসময়ত BTR নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে। তাৰ মাজতে আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ ঐতিহাসিক ২৫হাত কালী মন্দিৰ প্ৰাঙ্গনত পৰ্বতঝোৰা মণ্ডল বিজেপিৰ উদ্যোগ অনুষ্ঠিত হয় এক যোগদান সভা।
এই যোগদান কাৰ্যসূচীত UPPL, BPF আৰু কংগ্ৰেছ দলৰ পৰা প্ৰায় চাৰিশতাধিক কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে। যোগদান সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপি দলৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ আৰু প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী।
তাৰোপৰি অতিথি হিচাপে উপস্থিত থাকে বিজেপি দলৰ নৱ নিযুক্ত কোকৰাঝাৰ জিলাৰ সভাপতি গোঁসাই বসুমতাৰী, বনৰগাঁও পৰিষদীয় সমষ্টিৰ MCLA ৰাজীৱ ব্ৰহ্ম,সুবাইঝাৰ সমষ্টিৰ MCLA প্ৰভাত বসুমতাৰী।