/asomiyapratidin/media/media_files/2025/04/07/2RTlQH2Y1WKfPHz4XZ5n.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ কালিপুখুৰীত আজি অনুষ্ঠিত হোৱা বিজেপিৰ এক যোগদান সভাত কেইবাশতাধিক পুৰুষ মহিলাই যোগদান কৰে। কোকৰাঝাৰ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদান সভাত সভাত বিজনী সমষ্টিৰ বিজেপিৰ বিধায়ক অজয় ৰায়, কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি গোঁহাই বসুমতাৰী, উপ সভাপতি বনেন্দ্ৰ মুছাহাৰী, কোকৰাঝাৰ জিলাৰ সহ প্ৰভাৰী জিতু কিষাণ, বিটিচিৰ কাৰ্যবাহী সদস্য সজল সিংহ, কোকৰাঝাৰ জিলা বিজেপিৰ প্ৰাক্তন সভানেত্ৰী কবিতা বসুমতাৰী আদিকে ধৰি বহুসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।
অনুষ্ঠানৰ অন্তত বিজেপিৰ বিধায়ক অজয় ৰায়ে সংবাদমাধ্যমৰ আগত কয় যে, বিজেপিয়ে বিটিচি নিৰ্বাচনৰ হকে কাম কৰি আছে । বিজেপি দলৰ নীতি -আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি কালিপুখুৰীত অনুষ্ঠিত হোৱা যোগদান সভাত বিভিন্ন সামাজিক সংগঠনৰ সদস্য , বিভিন্ন ৰাজনৈতিক দলৰ সদস্য , কৃষক, ব্যৱসায়ী আদিকে ধৰি প্ৰায় ১৭০০ লোকে যোগদান কৰিছে।
বিটিচি নিৰ্বাচনৰ আগে আগে আমাৰ টাৰ্গেট পুৰণ হ'ব বুলি মন্তব্য কৰি বিধায়ক অজয় ৰায়ে আগন্তুক বিটিচি নিৰ্বাচনত বৃহৎ সংখ্যক আসনেৰে জয়লাভ কৰিম বুলি মন্তব্য কৰিছে । বিটিচি কমসময়তে গেৰুৱাকৰণ হ'ব বুলি আশা কৰি বিটিআৰত শান্তি আনি দিয়া দলটোৱে হৈছে বিজেপি বুলি মন্তব্য কৰি বিধায়ক অজয় ৰায়ে কয় যে ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সকলো আসনতে নিৰ্বাচন খেলিব বুলি কৈছে সেয়ে ৰাইজে ৰায় দিলে চৰকাৰ বনোৱা হ'ব বুলি মন্তব্য কৰিছে বিধায়ক অজয় ৰায়ে ।
আনহাতে আজিৰ যোগদান সভাত অথন্তৰৰো সৃষ্টি হয়। বিজেপিৰ সভাত যোগদান কৰিবলৈ আহি ভোকে ভাগৰে জুৰুলা হোৱা একাংশ মহিলাই আৰু ভৱিষ্যতে বিজেপিৰ সভালৈ নাহো বুলি মন্তব্য কৰিছে।
ৰাতিপুৱাৰে পৰা কেবাশতাধিক পুৰুষ-মহিলাই বোন্দাপৰ দি থকাৰ অন্তত বহু পলমকৈ বিজেপিৰ নেতাসকল উপস্থিত হোৱাৰ পিছত হে যোগদান সভাখন আৰম্ভ হয়। ৰাতিপুৱাৰে পৰা বোন্দাপৰ দি এমুঠি অন্ন আৰু এবটল পানীৰ বাবে হাহাকাৰ কৰা মহিলাসকলে সভাৰ অন্তত ভৱিষ্যতে এনে ধৰণৰ অনুষ্ঠানত নাহিম বুলি চিঞৰি চিঞৰি সভাস্থলীৰ পৰা নিজ ঘৰ অভিমুখে ৰাওনা হয়।