/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/0ha9y9t3/12.jpg)
অসম চৰকাৰ বিৰুদ্ধে সংবিধান উলংঘনৰ অভিযোগ বিশ্বজিৎ দৈমাৰীৰ...
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৩০ ছেপ্টেম্বৰ ২০২৪ ত জাৰি কৰা E-559760/6 নং জাননী অনুসৰি উন্নয়ন খণ্ড পুনৰ গঠনৰ বাবে জিলা পৰ্যায়ৰ সমিতি গঠন সন্দৰ্ভত অসন্তুষ্টি ব্যক্তি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। তেওঁ উল্লিখিত জাননীৰ কথা উল্লেখ কৰি কয় যে, ৰাজ্য চৰকাৰে উন্নয়ন খণ্ড পুনৰ গঠনৰ বাবে পূৰ্বৰ জিলা পৰ্যায়ৰ সমিতিৰ উপৰিও বিটিচিৰ বাবেও জিলা পৰ্যায়ৰ সমিতি পুনৰ গঠন কৰিছে।
তেওঁ ইয়াৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি কয়, সাংবিধানিক সংশোধনৰ জৰিয়তে বিটিচি গঠন কৰা হৈছে। বিটিচি হৈছে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত। ভাৰতীয় সংবিধানৰ সাংবিধানিক পৰিকাঠামোৰ অধীনত গঠন কৰা এক স্বায়ত্ব শাসিত কৰ্তৃপক্ষ। সেই অনুসৰি অসম চৰকাৰে ভাতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ দফা-৩ বিত উল্লেখ কৰা অনুসৰি সকলো বিষয় স্থানান্তৰ কৰিছে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিষয়টোও পেৰা ৩ বি (xxi)ত বিটিচি কৰ্তৃপক্ষলৈ স্থানান্তৰিত বিষয়। বিটিচিৰ প্ৰশাসনিক, কাৰ্যবাহী আৰু আইনীৰ লগতে নীতি প্ৰস্তুতৰ ক্ষমতা ভাৰতৰ সংবিধানৰ অধীনত বিটিচিলৈ স্থানান্তৰিত কৰা হৈছে।
সেয়ে অসম চৰকাৰে বিচিটিৰ বাবে এনে সমিতি গঠন কৰাটো অনুচিত বুলি উল্লেখ কৰি অসম চৰকাৰে ভাৰতীয় সংবিধান উলংঘা কৰাৰো অভিযোগ কৰিছে। সেয়েহে বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো তেওঁ বিচাৰিছে। তেওঁ বিটিচিৰ অধীনৰ উন্নয়নখণ্ড সমূহ গঠনৰ বাবে ষষ্ঠ অনুসূচী অনুসৰিয়েই বিটিচিক দায়িত্ব দিবলৈয়ো দাবী জনাইছে।
Also Read: ঢাকাৰ ছহিদ মিনাৰত বৃহৎ সমাবেশঃ হিন্দুৰ সুৰক্ষা, শিক্ষা, ধৰ্মকে ধৰি ৮ দফীয়া দাবী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us