/asomiyapratidin/media/media_files/2025/04/25/6YaYn4hd9wY20mO1LqPS.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত আজি পেহলগাম ঘটনাৰ ন্যায় বিচাৰি কোকৰাঝাৰ জিলা বিশ্ব হিন্দু পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদথলীত হাতে হাতে প্লেকাৰ্ড লৈ পাকিস্তান মুৰ্দাবাদ, পাকিস্তান হুচিয়াৰ, জেহাদী মুৰ্দাবাদ, হিন্দু এক হওঁক, হত্যাকাৰীক কঠোৰ শাস্তি দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
ইয়াৰোপৰি কোকৰাঝাৰ জিলা বিশ্ব হিন্দু পৰিষদে পেহলগাম নিহতৰ আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীও ৰূপায়ন কৰে। কাৰ্যসূচীৰ অন্তত কোকৰাঝাৰ জিলা বিশ্ব হিন্দু পৰিষদৰ প্ৰভাৰী ৰথীন্দ্ৰ নাথ সিংহাই পহলগামত ইছলামিক সন্ত্ৰাসবাদীৰ দ্বাৰা কৰা বৰ্বৰোচিত কাণ্ডক গৰিহণা দি হত্যাকাৰীৰ কঠোৰ শাস্তিৰ পোষকতা কৰে।
আতংকবাদৰ উদ্দেশ্যই হ'ল অৰাজক অৱস্থাৰ সৃষ্টি কৰা বুলি মন্তব্যৰে ইছলামিক সন্ত্ৰাসবাদক সমুলঞ্চে ধ্বংস কৰাৰ সপক্ষে বক্তব্য ৰাখে কোকৰাঝাৰ জিলা বিশ্ব হিন্দু পৰিষদৰ প্ৰভাৰী ৰথীন্দ্ৰ নাথ সিংহাই ।