বিজনীত দুৰ্বৃত্তৰ আক্ৰমণৰ বলিক গুৰুত্ব নিদিলে আৰক্ষীয়েঃ ন্যায়ালয়ত ৰুজু হ’ল গোচৰ

দুৰ্বৃত্তৰ দ্বাৰা প্ৰথমে বন্দুক দেখুৱাই ভয়, ভাবুকি তাৰ পিছত প্ৰাণঘাতী আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীৰ পৰা নাপালে সহাৰি।

author-image
Asomiya Pratidin
New Update
বিজনীত দুৰ্বৃত্তৰ আক্ৰমণৰ বলিক গুৰুত্ব নিদিলে আৰক্ষীয়েঃ ন্যায়ালয়ত ৰুজু হ’ল গোচৰ

ডিজিটেল সংবাদ, চিৰাং: দুৰ্বৃত্তৰ দ্বাৰা প্ৰথমে বন্দুক দেখুৱাই ভয়, ভাবুকি তাৰ পিছত প্ৰাণঘাতী আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীৰ পৰা কোনো ধৰনৰ সঁহাৰি নাপাইঅৱশেষত বিজনী মহকুমা আদালতৰ কাষ চাপিল চিৰাং জিলাৰ বিজনীৰ ২ নং দাৰাঙাৰ টিলাপাৰাৰ এটি দুৰ্ভগীয়া পৰিয়াল। 

Advertisment

ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে যোৱা ১২ মে' দিনা ২ নং দাৰাংগাৰ টিলাপাৰা গাঁৱৰ বিবদমান আধা বিঘা ভূমিক কেন্দ্ৰ কৰি একেখন গাঁৱৰে ব্ৰজনাথ বিশ্বাস আৰু তেওঁৰ পুত্ৰ বিশ্বনাথ বিশ্বাস,  ৰামনাথ বিশ্বাস,  প্ৰদীপ বিশ্বাস, শংকৰ বিশ্বাসে পূৰ্ব পৰিকল্পিতভাবে লোৰ ৰ’ড, চোকা অস্ত্ৰ,  বাঁহ আদি লৈ দলবদ্ধভাবে উপৰ্যুপৰি আক্ৰমণ কৰে টিলাপাৰ নিৱাসী প্ৰেমানন্দ সৰকাৰৰ পত্নী প্ৰণিতা সৰকাৰ(৫২), পুত্ৰ চন্দন সৰকাৰ(২৭) আৰু আন এজন পুত্ৰ পংকজ সৰকাৰৰ পত্নী ৰেখাৰাণী সৰকাৰক(২৯)। 

দলবদ্ধ আক্ৰমণৰ ফলত শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱাৰ ফলত গুৰুতৰভাৱে আহত হৈ হাস্পতালত চিকিৎসাধীন হ'বলগীয়া হয় মাতৃ প্ৰণিতা সৰকাৰ,  পুত্ৰ চন্দন সৰকাৰ আৰু পুত্ৰ বোৱাৰী ৰেখাৰাণী সৰকাৰ(২৯)। আক্ৰমণত পৰিয়ালটোৰ শংকৰ বিশ্বাসে ভুক্তভোগী চন্দন সৰকাৰক বন্দুক দেখুৱাই প্ৰাণে মৰাৰ ভয়, ভাবুকি দিছে বুলিও অভিযোগ উত্থাপন কৰে ভুক্তভোগী চন্দন সৰকাৰে। 

উল্লেখ্য, দাৰাঙৰ টিলাপাৰাত প্ৰেমানন্দ সৰকাৰৰ নামত থকা আধা বিঘা মাটি একেখন গাঁৱৰে ব্ৰজনাথ বিশ্বাসে নিজৰ বুলি দাবী কৰি প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল। যাৰ বাবে ভূমিৰ গৰাকী প্ৰেমানন্দ সৰকাৰে ন্যায় পাবলৈ আইনৰ কাষ চাপিছিল আৰু সেই গোচৰ এতিয়াও ন্যায়ালয়ৰ বিচাৰাধীন। তেনেক্ষেত্ৰত গোচৰ নিষ্পত্তি নোহোৱালৈকে মাটিখিনিত কোনো ধৰণৰ কাম-কাজ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হয়। 

বিজনীত দুৰ্বৃত্তৰ আক্ৰমণৰ বলিক গুৰুত্ব নিদিলে আৰক্ষীয়েঃ ন্যায়ালয়ত ৰুজু হ’ল গোচৰ

কিন্তু সেইদিনা ব্ৰজনাথ বিশ্বাসে মাটিখিনিত থকা তামোল গছৰ পৰা তামোল পাৰিবলৈ লওঁতেই প্ৰেমানন্দ সৰকাৰৰ পত্নী প্ৰণিতা সৰকাৰে বাধা প্ৰদান কৰাত ব্ৰজনাথ বিশ্বাসসহ উল্লেখিত পাঁচ জন লোকে উপৰ্যুপৰি আক্ৰমণ কৰি প্ৰণিতা সৰকাৰ,  চন্দন সৰকাৰ আৰু ৰেখাৰাণী সৰকাৰক গুৰুতৰভাবে আহত কৰে। এই ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া পৰিয়ালটোৱে বিজনী থানাৰ অন্তৰ্গত বড়োবাজাৰ উপ আৰক্ষী চকীত ১২ মে' তাৰিখে এখন এজাহাৰ দাখিল কৰিছিল। 

এজাহাৰ দাখিলৰ আজি পাঁচ দিনৰ পিছতো ৰহস্যজনক কাৰণত আৰক্ষীয়ে কোনোধৰণৰ ভূমিকা গ্ৰহণ কৰা নাছিল। যাৰ বাবে শুকুৰবাৰে আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাই পৰিয়ালটোৱে ন্যায় বিচাৰি বিজনী মহকুমা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ  আদালতত অভিযোগ দাখিল কৰি গোচৰ পঞ্জীয়ন কৰে।

চিৰাং বিজনী