/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ebe65ec5-405e-4f8d-b45c-df04f85723bc/03.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক আদৰাৰ উচাহ। হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰতো ৩ এপ্ৰিলৰ ১২ এপ্ৰিললৈ তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হৈছে বিহুনাচৰ কৰ্মশালা। তামুলপুৰৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় দুই শতাধিক নাচনীৰ লগতে কণ কণ মইনাহঁতে ভাগ লৈছে কৰ্মশালাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2ce9cad0-39d2-4105-911e-2e824c18acf4/4d0c7f62_a59e_43f2_bf3d_5eeccb90cc63.jpg)
কৰ্মশালাৰ প্ৰশিক্ষণৰ দায়িত্বত আছে লোকনৃত্য শিল্পী ব্ৰজেন মহন্ত ৷ আজিৰে পৰাআৰম্ভ হোৱা কৰ্মশালাখনিত উপস্থিত থাকে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উৎপল হালৈ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক তুষাৰ কলিতা, শিক্ষা সম্পাদক অভিনাশ কলিতা। ইয়াৰোপৰি সাংস্কৃতিক সম্পাদিকা প্ৰিয়ংকা তালুকদাৰ আৰু আছুৰ কৰ্মকৰ্তাৰ লগতে অভিভাৱকসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0ef8a416-d973-4717-a02a-88a9a95da8e3/69ea5e36_68e6_4263_83a5_016f033bf723.jpg)
Also Read: ৬ এপ্ৰিলত বাংগালুৰুৰ বিৰুদ্ধে ৰাজস্থানৰ ‘পিংক প্ৰ’মিছ’ মেচ