দক্ষিণ আফ্ৰিকাত বিহু উদযাপন কৰিলে প্ৰৱাসী অসমীয়াই

বিহুৰ কোনো সীমা নাই, বিহুৰ কোনো পৰিধি নাই। সাত সাগৰ, তেৰ নদীৰ সিপাৰেও বিহুৰ আনন্দত মতলীয়া অসমীয়া। ঢোলৰ গুমগুমনিত ৰজনজনাই গ’ল বিহুথলী। নাচনীয়ে ককাঁল ঘূৰাই নাচিলে।

author-image
Asomiya Pratidin
New Update
দক্ষিণ আফ্ৰিকাত বিহু উদযাপন কৰিলে প্ৰৱাসী অসমীয়াই 

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিহুৰ কোনো সীমা নাই, বিহুৰ কোনো পৰিধি নাই। সাত সাগৰ, তেৰ নদীৰ সিপাৰেও বিহুৰ আনন্দত মতলীয়া অসমীয়া। ঢোলৰ গুমগুমনিত ৰজনজনাই গ’ল বিহুথলী। 

Advertisment

নাচনীয়ে ককাঁল ঘূৰাই নাচিলে। সীমাহীন আনন্দ-ফূৰ্তি এনে এক পৰিৱেশেই দেখা গ’ল দক্ষিণ আফ্ৰিকাত। অসম এছোছিয়েশ্যন দক্ষিণ আফ্ৰিকাৰ উদ্যোগত অইনবেলিৰ দৰে এইবেলিও দক্ষিণ আফ্ৰিকাৰ মনোমোহা নগৰ দলষ্ট্ৰমত ৰঙালী বিহু উলহ মালহেৰে উদযাপন কৰা হয়। 

দক্ষিণ আফ্ৰিকাত বিহু উদযাপন কৰিলে প্ৰৱাসী অসমীয়াই 

উল্লেখ্য যে কৰোণা কালৰ সময়ছোৱাক বাদ দি বিগত দহ বছৰে দক্ষিণ আফ্ৰিকাবাসী প্ৰৱাসী অসমীয়াই উলহ মালহৰে বিহু উদযাপন কৰি আহিছে৷দক্ষিণ আফ্ৰিকাৰ দলষ্ট্ৰমত উলহ মালহেৰে উদযাপন কৰা বিহুথলীত পৰস্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হয়। 

পিঠা-পনাৰে ভৰপূৰ বিহুথলীত এক অন্যন্য পৰিৱেশৰ সৃষ্টি হয়। দক্ষিণ আফ্ৰিকাবাসী প্ৰবাসী অসমীয়াসকলে দিনজোৰা কাৰ্যসূচীৰে বিহু উদযাপন কৰাৰ পিছত সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে। 

দক্ষিণ আফ্ৰিকাত বিহু উদযাপন কৰিলে প্ৰৱাসী অসমীয়াই 

প্ৰিয়ংকা দস্তিদাৰ ফুকনে আঁত ধৰা অনুষ্ঠানটোত জইনুল হক,  মুনমুন দাস, ৰীমা দাস, সমৃদ্ধি গোঁহাই, জাভেদ খান, দেৱজিৎ শইকীয়া, মুকুট গোঁহাই আদিকে ধৰি  বিভিন্নজনে গীত আৰু নৃত্য আদি প্ৰদৰ্শন কৰি অনুষ্ঠানটোক জীপাল কৰি তোলে৷ তদুপৰি নতুন প্ৰজন্মৰ কণমাণিসকলেও গীত-মাত-নৃত্য আদি প্ৰদৰ্শন কৰি অনুষ্ঠাটো মনোমোহা কৰি তোলে৷সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটো অৱশেষত বিহু হুচৰিৰে অন্ত পৰে। 

দক্ষিণ আফ্ৰিকাত বিহু উদযাপন কৰিলে প্ৰৱাসী অসমীয়াই 

ইপিনে দক্ষিণ আফ্ৰিকাত ৰঙালী বিহু উদযাপন কৰা সন্দৰ্ভত প্ৰবাসী অসমীয়া তথা অসম এছোছিয়েশ্যন দক্ষিণ আফ্ৰিকাৰ সভাপতি জইনুল হকে কয় যে, দক্ষিণ আফ্ৰিকাবাসী প্ৰবাসী অসমীয়াসকলে প্ৰতি বছৰে বিহু উদযাপন কৰি আহিছে আৰু বিহুৰ দিনটোত সকলো প্ৰবাসী অসমীয়া একলগ হৈ বিহু উদযাপন কৰি আহিছে। শত সহস্ৰ যোজন দূৰত থাকিলেও তথা সম্পূৰ্ণ ভিন্ন পৰিৱেশত থাকিলেও তেওঁলোকৰ গাতো বহাগৰ বা লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি প্ৰাণৰো প্ৰাণ বিহু তেওঁলোকে এনেদৰেই উদযাপন কৰি যাব বুলি মন্তব্য কৰিছে অসম এছোছিয়েশ্যন দক্ষিণ আফ্ৰিকাৰ সভাপতি জইনুল হকে।

তদুপৰি দক্ষিণ আফ্ৰিকাৰ পৰা অসমবাসীলৈ বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসম এছোছিয়েশ্যন দক্ষিণ আফ্ৰিকাৰ সভাপতি জইনুল হকে।

দক্ষিণ আফ্ৰিকা কোকৰাঝাৰ বিহু