ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা থানাৰ অন্তৰ্গত আওঝাৰ গাঁৱত আজি আবকাৰী বিভাগৰ এটা দলে অভিযান চলাই অবৈধ ভাবে মজুত কৰি ৰখা এঘৰৰ পৰা বৃহৎ পৰিমাণৰ ভূটানী সুৰা জব্দ কৰে। এই অভিযান সন্দৰ্ভত আবকাৰী বিভাগৰ গুৱাহাটী কাৰ্য্যালয়ৰ পৰিদৰ্শক ইমতিয়াজ আলীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে বিশেষ সুত্ৰৰ পম খেদি গুৱাহাটীৰ পৰা অহা আবকাৰী বিভাগৰ চোৰাংচোৱাৰ দলে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আওঝাৰ গাঁৱৰ বাসিন্দা জনৌম বসুমতাৰী (৩৫) ৰ বাসগৃহত অবৈধ ভাবে মজুত কৰি ৰখা দুটা পৃথক পৃথক কোঠালীৰ পৰা প্ৰায় ৫০০ কাৰ্টুন ভূটানী বিয়েৰ আৰু হুইস্কি জব্দ কৰে ।
আজি আৱকাৰী বিভাগৰ এই অভিযানত চিৰাং আৰু কোকৰাঝাৰ জিলাৰ আবকাৰী বিভাগৰ লোকেও সহযোগ কৰে । অবৈধ ভাবে বৃহৎ পৰিমাণৰ বিদেশী তথা ভূটানী সুৰা মজুত কৰি ৰখাৰ অভিযোগত জনৌম বসুমতাৰীক আটক কৰি অভিযানকাৰী দলে সোধপোছ অব্যাহত ৰাখিছে ।
উল্লেখ্য যে জনৌম বসুমতাৰীয়ে দীৰ্ঘদিনৰ পৰা বিভিন্ন পক্ষক মেনেজ কৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা ভূটানী সুৰা চোৰাং ভাবে আমদানি চিৰাং জিলাৰ লগতে কাষৰীয়া জিলা সমূহত এই ভূটান সুৰাৰ ব্যৱসায় চলাই আছিল। আজি জব্দ কৰা ভূটানী সুৰাখিনিৰ বজাৰ মূল্য অনুমানিক ৩/৪ লাখ টকা হ'ব বুলি আবকাৰী বিভাগৰ লোকে দাবী কৰে ।
আজিৰ এই অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ পৰা প্ৰশ্ন কৰা হৈছিল যে চিৰাং জিলাত আবকাৰী বিভাগৰ কাৰ্য্যালয় থকাৰ পিছতো জিলাখনত ভূটানী সুৰাৰ অবাধ ব্যবসায় কেনেকৈ চলি আছিলে? এই সন্দৰ্ভত জিলা আবকাৰী বিভাগৰ হাতত কোনো তথ্য নাছিল নেকি?
কিয় গুৱাহাটীৰ পৰা আবকাৰী বিভাগৰ লোকে আহি চিৰাং জিলাত অভিযান চলাই এই বৃহৎ পৰিমাণৰ চোৰাং ভূটানী সুৰা জব্দ কৰিব লগা হৈছে? ইয়াৰ উত্তৰত অভিযানকাৰী দলটোৰ নেতৃত্ববহনকাৰী ইমতিয়াজ আলীয়ে কয়, বহু সময়ত স্থানীয় কাৰ্য্যালয়ৰ হাতত চোৰাংচোৱাৰ তথ্য নেথাকে। অথচ সেই তথ্য গুৱাহাটী কাৰ্য্যালয়ত গৈ পায়।
সেই তথ্য লাভ কৰাৰ পিছত আমি জিলা আবকাৰী বিভাগৰ সৈতে যৌথভাৱে এইদৰে সফল অভিযান চলাই থাকো বুলি মন্তব্য কৰে। পিছত স্থানীয় গাঁওবুঢ়াৰ উপস্থিতিত জব্দ কৰা ভূটানী সুৰাখিনি কাজলগাঁৱলৈ অনা হয় ।