এছএছবিৰ উদ্যোগত মৌ মাখি পালন প্ৰশিক্ষণ

এছ এছ বিৰ ৬৪ বেটেলিয়ন বৰমা (হাউলী) উদ্যোগত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘত স্থাপিত খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ জৰিয়তে প্ৰদান কৰা মৌ মাখি পালনৰ দহ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণিৰ অন্তত পৰে। এই প্ৰশিক্ষণ শিবিৰত ১০ গৰাকী গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক আৰু ১৬ গৰাকী এছএছবিৰ জোৱানে অংশগ্ৰহণ কৰিছিল।

author-image
Asomiya Pratidin
New Update
এছএছবিৰ উদ্যোগত মৌ মাখি পালন প্ৰশিক্ষণ

ডিজিটেল সংবাদ, তামুলপুৰঃ এছ এছ বিৰ ৬৪ বেটেলিয়ন বৰমা (হাউলী) উদ্যোগত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘত স্থাপিত খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ জৰিয়তে প্ৰদান কৰা মৌ মাখি পালনৰ দহ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণিৰ অন্তত পৰে। এই প্ৰশিক্ষণ শিবিৰত ১০ গৰাকী গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক আৰু ১৬ গৰাকী এছএছবিৰ জোৱানে অংশগ্ৰহণ কৰিছিল।

Advertisment

প্ৰশিক্ষণৰ সফল সামৰণিৰ অন্তত বুধবাৰে কুমাৰীকাটাত অৱস্থিত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ সভা গৃহত খাদী বিদ্যালয়ৰ অধ্যক্ষ অনন্ত কুমাৰ সিঙে সঞ্চালনা কৰা এক অনুষ্ঠানত প্ৰমাণ পত্ৰ আৰু একোটাকৈ মৌ মাখি পালন বাকচ বিতৰণ কৰা হয়। তদুপলক্ষে আয়োজিত আজিৰ সভাত এছএছবিৰ হাউলীস্থিত ৬৪ নম্বৰ বেটেলিয়নৰ ডেপুটি কমাণ্ডেণ্ট প্ৰশান্ত গৌতম, তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ সভাপতি যতীন সৰকাৰ, খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ অনন্ত কুমাৰ সিং, তামুলপুৰ বিজেপিৰ সম্পাদক ৰিদিপ দাস, মৌ মাখি পালনৰ প্ৰশিক্ষক বীৰেন দাস, খগেন বৈশ্য প্ৰমুখ্যে কেইবাগৰাকী গৰাকী ব্যক্তি উপস্থিত থাকে।

সভাৰ পূৰ্বে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে এছএছবিৰ হাউলীস্থিত ৬৪ বেটেলিয়নৰ ডেপুটি কমাণ্ডেণ্ট প্ৰশান্ত গৌতম, তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ সভাপতি যতীন সৰকাৰ, খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ অনন্ত কুমাৰ সিং, তামুলপুৰ বিজেপিৰ সম্পাদক ৰিদিপ দাসে। সভাখনত প্ৰ-পত্ৰৰ লগতে একোটাকৈ মৌ মাখি পালন কৰা বাকচ বিতৰণ কৰি পুৰুষ মহিলা স্বাৱলম্বী হ'ব পৰা চৰকাৰৰ আঁচনি গ্ৰহণ কৰাৰ বাবে আটাই কেইগৰাকী বক্তৃতাই মত প্ৰকাশ কৰে।

আনহাতে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ তত্বাৱধানত চলি থকা কুমাৰীকাটাত অৱস্থিত খাদী গ্ৰামোদ্যোগ বিদ্যালয়ত মৌ মাখি পালন আদি কৰি বিভিন্ন শিতানত প্ৰশিক্ষণ লৈ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ সকলোকে আহ্বান জনায়।

Also Read: ৯৫ সংখ্যক 'কটনিয়ান'ৰ উন্মোচন

tamulpur SSB