বাসুগাঁৱৰ চৰকাৰী বিদ্যালয়ত সন্তানৰ নাম ভৰ্তিৰ বাবে অভিভাৱকৰ দীঘলীয়া শাৰী...

চিৰাং জিলাৰ বাসুগাঁও চহৰৰ দৃশ্য। এখন চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানৰ নাম ভৰ্তি কৰিবলৈ অভিভাৱকসকলে দীঘলীয়া শাৰীপাতি সংগ্ৰহ কৰিছে নাম ভৰ্তিৰ প্ৰপত্ৰ। 

author-image
Asomiya Pratidin
New Update
বাসুগাঁৱৰ চৰকাৰী বিদ্যালয়ত সন্তানৰ নাম ভৰ্তিৰ বাবে অভিভাৱকৰ দীঘলীয়া শাৰী...

ডিজিটেল সংবাদ, চিৰাং: যি সময়ত একাংশ অভিভাৱকে নিজৰ সন্তানৰ শিক্ষাৰ ভবিষ্যতৰ কথা চিন্তা কৰি চৰকাৰী বিদ্যালয়ৰ বিপৰীতে বেচৰকাৰী শিক্ষানুষ্ঠানলৈ ধাৱমান হোৱা দেখিবলৈ পোৱা যায় সেই সময়তে চিৰাং জিলাৰ বাসুগাঁও চহৰত এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল। আজি এখন চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানৰ নাম ভৰ্তি কৰিবলৈ অভিভাৱকসকলে দীঘলীয়া শাৰীপাতি নাম ভৰ্তিৰ প্ৰপত্ৰ সংগ্ৰহ কৰে। 

Advertisment

যি সময়ত ছাত্ৰ, ছাত্ৰীৰ অভাৱত বহু ঠাইত চৰকাৰী বিদ্যালয় বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে তেনে সময়ত বাসুগাঁও চহৰৰ মাজমজিয়া স্থিত ঐতিহ্যমণ্ডিত ৯০ বছৰ পুৰণি ২৪৮ নং বাসুগাঁও টাউন জেবি স্কুলত নিজৰ সন্তান ভৰ্তি কৰাবলৈ অভিভাৱকসকলে হেতা ওপৰা লগোৱা পৰিলক্ষিত হৈছে। বাসুগাঁও টাউন জেবি স্কুলৰ প্ৰধান শিক্ষক চন্দ্ৰমোহন পাটগিৰিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে অন্যান্য বছৰৰ তুলনাত এইবেলি প্ৰায় দুই শতাধিক অভিভাৱকে তেওঁলোকৰ সন্তানৰ নাম ভৰ্তিৰ বাবে প্ৰপত্ৰ সংগ্ৰহ কৰিছে।

অথচ আমাৰ বিদ্যালয়ৰ 'ক' শ্ৰেণীৰ দুটা শাখা মিলি আসনৰ সংখ্যা হৈছে ৯০ খন। কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰি আমি এইবেলি ১০০ গৰাকী ছাত্ৰ, ছাত্ৰীক ভৰ্তি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

'ক' শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী লৈকে মুঠ ১২ টা শ্ৰেণী কোঠালীত প্ৰায় পাঁচ শতাধিক ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে। ১৪ গৰাকী শিক্ষক, শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰা এই ২৪৮ নং বাসুগাঁও টাউন জেবি স্কুলতখনে গুণোৎসৱৰ ফলাফলত 'এ' প্লাচ লাভ কৰি আহিছে।

ইয়াৰ দ্বাৰা সহজেই অনুমান কৰিব পাৰি যে, অভিভাৱকসকলে নিজৰ সন্তানৰ নাম ভৰ্তি বাবে প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ দীঘলীয়া শাৰী অপেক্ষা কৰি আছে। মাতৃভাষাত গুণগত শিক্ষাদান কৰা এই বাসুগাঁও টাউন জেবি স্কুলখনৰ শিক্ষাদান পদ্ধতি অধিক উন্নত কৰিবলৈ পি এম শ্ৰী বিদ্যালয় হিচাপে নিৰ্বাচিত হৈছে।

বাসুগাওঁ চিৰাং