/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1fb6a894-ec36-47ce-8d64-b30367e1a103/basogaon_27.jpg)
বাসুগাঁৱত শ্ৰম বিভাগৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি একাংশ অসাধু ব্যৱসায়ীৰ...
ডিজিটেল সংবাদ চিৰাংঃ ৰাজ্যিক শ্ৰম বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি চিৰাং জিলাৰ অন্যতম বাণিজ্যিক চহৰ বাসুগাঁৱত শ্ৰম বিভাগৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই একাংশ বাণিজ্যিক প্ৰতিষ্ঠানে নীতি বৰ্হিভূত ভাবে শ্ৰমজীৱি তথা কৰ্মচাৰীসকলক শোষন নীতিৰে ব্যবসায় বাণিজ্য চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে। শ্ৰম বিভাগৰ নীতি, নিয়ম অনুসৰি নগৰ সমিতি বা পৌৰ এলেকাত সপ্তাহত এটা দিন ব্যবসায়ীক প্ৰতিষ্ঠান বন্ধ ৰাখি ব্যবসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিকসকলক ছুটি দিব লাগে।
সেইমতে পূৰ্বৰে পৰা শ্ৰম বিভাগৰ নিৰ্দেশ অনুযায়ী বাসুগাঁও চহৰত নিৰ্দিষ্ট কিছু ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান বাদ দি অধিকাংশ ব্যবসায়ীক প্ৰতিষ্ঠানসমূহ প্ৰতি বৃহস্পতিবাৰ বন্ধ থাকে। কিন্তু যোৱা এবছৰৰ পৰা বাসুগাঁও চহৰত শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰ সপ্তাহত এটা দিন ছুটিৰ পৰা বঞ্চিত কৰি বাসুগাঁও চহৰৰ একাংশ ব্যৱসায়ীয়ে নিজৰ ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দি শ্ৰম বিভাগৰ নিৰ্দেশনাক অৱমাননা কৰি শোষন নীতিৰে ব্যবসায় চলাই আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f0365ea9-754f-4972-96b1-c286ef999bcb/0f6f3ff7-3a6e-4724-ba69-e38f7a53a800.jpg)
ফলত একাংশ লুভীয়া তথা অসাধু ব্যৱসায়ীৰ এনেধৰনৰ নীতি বৰ্হিভূত কৰ্মকাণ্ডৰ ফলত এতিয়া অনিচ্ছাসত্বেও ইমান দিনে সাপ্তাহিক বন্ধ পালন কৰা ব্যবসায়ীসকলে বাণিজ্যিক কাৰণত বৃহস্পতিবাৰেও ব্যবসায়ীক প্ৰতিষ্ঠান খুলিব লগাত পৰিছে বুলি জানিবলৈ দিছে। লক্ষ্যনীয় বিষয় যে, বাসুগাঁও চহৰৰ কিছু প্ৰতিষ্ঠিত ব্যবসায়ীয়ে লোকচক্ষুৰ সন্মুখত বৃহস্পতিবাৰে বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ কৰি ৰাখে কিন্তু ছুটিৰ দিনতো কৰ্মচাৰীসকলক বাণিজ্যিক প্ৰতিষ্ঠানৰ ভিতৰত কাম কৰিবলৈ বাধ্য কৰোৱা হয় বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত বাণিজ্যিক প্ৰতিষ্ঠানসমূহত কাম কৰা শ্ৰমিক তথা কৰ্মচাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে, এবছৰ আগলৈকে শ্ৰম বিভাগৰ পৰা বাসুগাঁও চহৰত প্ৰায়ে পৰিদৰ্শন তথা পৰ্য্যবেক্ষণ কৰিবলৈ আহিছিল আৰু যাৰ ফলত সৰু বৰ বাণিজ্যিক প্ৰতিষ্ঠান স্বত্বাধিকাৰীসকলে নিয়ম মানি বৃহস্পতিবাৰ দিনা ব্যবসায়ীক প্ৰতিষ্ঠান বন্ধ ৰাখিছিল আৰু আমি কৰ্মচাৰীসকলে সপ্তাহত এটা দিন ছুটি পাইছিলো আৰু পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিছিলো।
কিন্তু প্ৰায় এটা বছৰ ধৰি শ্ৰম বিষয়া বা বিভাগৰ পৰা বাসুগাঁও চহৰত বিশেষ গুৰুত্বাৰোপ কৰা পৰিলক্ষিত হোৱা নাই আৰু যাৰ কাৰণে একাংশ অসাধু ব্যৱসায়িক প্ৰতিষ্ঠানত মালিকে সাপ্তাহিক বন্ধৰ দিনতো ব্যবসায়ীক প্ৰতিষ্ঠান খুলি ব্যবসায় চলাই গৈছে। এতিয়া এজনৰ দেখাদেখি বাসুগাঁও বজাৰৰ প্ৰায় সংখ্যক ব্যবসায়ীক প্ৰতিষ্ঠানৰ মালিকে শ্ৰম বিভাগৰ নীতি নিয়ম উলংঘন কৰি সাপ্তাহিক বন্ধৰ দিনাও ব্যবসায় কৰি আছে আৰু কৰ্মচাৰীসকলক ভয়, ভাবুকি প্ৰদান কৰি কাম কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e02afce2-0dcd-4a30-8a8a-499712229fbb/301cdd44-f6c8-4aff-a8b2-0498ea7d3ba2.jpg)
শ্ৰম বিভাগৰ নীতি নিৰ্দেশনাক অৱমাননা কৰি বাসুগাঁও চহৰত ব্যৱসায় বাণিজ্য কৰি থকা অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণ কৰি বঞ্চিত আৰু শোষিত শ্ৰমজীৱি লোকসকলৰ হকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় নাম প্ৰকাশত অনিচ্ছুক একাংশ কৰ্মচাৰীয়ে ।
Also Read: ছাত্ৰক প্ৰহাৰ কৰা লেখাপানী আৰক্ষী থানাৰ SIক নিলম্বনঃ দুই জোৱানক ৰিজাৰ্ভ ক্লজ...