চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰমা আঞ্চলিক ৰঙালী বিহুৰ আয়োজন...

বাক্সা জিলাৰ বৰমাৰ বুকুত থকা বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰমা আঞ্চলিক ৰঙালী বিহু উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলিছে৷

author-image
Tushar Pratim
New Update
চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰমা আঞ্চলিক ৰঙালী বিহুৰ আয়োজন...

ডিজিটেল সংবাদ বৰমাঃ বিগত বৰ্ষৰ দৰে এইবেলিও বাক্সা জিলাৰ বৰমাৰ বুকুত থকা বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা ১৪, ১৫, ২৩ আৰু ২৪ এপ্ৰিলত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰমা আঞ্চলিক ৰঙালী বিহু উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলিছে৷ ইতিমধ্যে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মক সভাপতি, সাংবাদিক দিলীপ কুমাৰ হালৈক কাৰ্যকৰী সভাপতি,  ইন্দ্ৰেশ্বৰ ৰাভাক মুখ্য সম্পাদক, ধনজিৎ বৰ্মণ, নিতুল হালৈ জিন্তু ৰামচিয়াৰী, ৰিতু শৰণীয়াক সম্পাদক হিচাপে লৈ ৬২ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিখন গঠনৰ লগতে অন্যান্য উপ সমিতিসমূহো গঠন কৰে৷ 

Advertisment

কাৰ্যসূচী মতে ১৪ এপ্ৰিলত পুৱা ৮.৩০ বজাত পতাকা উত্তোলন কৰিব ৬২ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সভাপতি ৰাকেশ ব্ৰহ্মই। পুৱা ৮.৪৫ বজাত বন্তি প্ৰজ্বলন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধাণ শিক্ষক কালিকান্ত দাসে।  স্মৃতি তৰ্পন কৰিব বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ প্ৰাক্তন সভাপতি ড০ অপুৰ্ব বুজৰবৰুৱাই।

গছপুলি ৰোপণ, খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰিব ধুবুৰী জিলা ক্ৰীড়া বিষয়া লনিমা তালুকদাৰে।পুৱা ১০ বজাত সম্বৰ্ধনা অনুষ্ঠান। সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব নাট্যকৰ্মী ৰমনী শৰ্মাই৷ ১৫ এপ্ৰিলত পুৱা ৭ বজাত খেল ধেমালি প্ৰতিযোগিতা, পুৱা ১০ বজাত উদয় বৰ্মন সোঁৱৰণী কুইজ প্ৰতিযোগিতা, দুপৰীয়া ১২ বজাত শুক্লেশ্বৰ মেধি সোঁৱৰণী আকস্মিক বক্তৃতা প্ৰতিযোগিতা, আবেলি ১ বজাত চিত্ৰাংকন প্ৰতিযোগিতা ২ বজাত স্ব-নিৰ্বাচিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

২৩ এপ্ৰিলত আবেলি ৪.৩০ বজাৰ পৰা মাধৱ চন্দ্ৰ দাস আৰু উত্তম চন্দ্ৰ বৰ্মন সোঁৱৰণী মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব নৃত্যপটীয়সী বিনিতা ৰভাই৷ ২৪ এপ্ৰিলত বিয়লি বঁটা বিতৰণী সভাখন অনুষ্ঠিত হ’ব৷ সভাত সভাপতিত্ব কৰিব বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সাংবাদিক দিলীপ কুমাৰ হালৈয়ে৷

আবেলি ৫ বজাত মুকলি সভা আৰু বিহুৱান উন্মোচন, বি টি চিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই সভাপতিত্ব কৰিব লগা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বি টি আৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰমোদ মেধি, স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ড০ বীৰেণ কুমাৰ চক্ৰৱৰ্তী, সন্ধিয়া ৭ বজাত মণিৰাম দেউৰী সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেয়ে, সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ নীল আকাশ আৰু ইলিচা বড়োৰ গীতৰ অনুষ্ঠান।বিহু উদযাপন সমিতিয়ে সকলো ৰাইজৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে৷ 

ৰঙালী বিহু বাক্সা বৰমা