/asomiyapratidin/media/media_files/2025/05/31/4W8nILYsbEQZasUrhhKp.jpg)
ডিজিটেল সংবাদ বৰমাঃ বাক্সা জিলাৰ অন্তৰ্গত বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ যৌথ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বড়ো মাধ্যমৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক আৰনাই, গ্ৰন্থ, মানপত্ৰ, কলম আদিৰে সম্বৰ্ধনা জনোৱা হয়৷
বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্যামল বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে এবছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্ম, বড়ো কছাৰী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ ৰোমিঅ’ পি নাৰ্জাৰী, বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি নন্দেশ্বৰ বড়ো আদিয়ে। উপস্থিত এই ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁলোকৰ ভাষণ আগবঢ়ায়।
/asomiyapratidin/media/media_files/2025/05/31/eVrfotklZ748H1c4NBN8.jpeg)
এই সম্বৰ্ধনা অনুষ্ঠানত উচ্চতৰ মাধ্যমিকত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা বড়ো মাধ্যমৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ আজিৰ সম্বৰ্ধনা অনুষ্ঠানটো মুকলি কৰে বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰীয়ে৷
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্য একাডেমী বটাপ্ৰাপক তথা বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰী, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ বড়ো, বাক্সা জিলা বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক দুলাল স্বৰ্গীয়াৰী, বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অনসুমা বড়ো, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে উমেশ বসুমতাৰী, বুদো ৰাম বড়োৰ লগতে বৰমা অঞ্চলৰ বহু সাহিত্য প্ৰেমী-ছাত্ৰ নেতাসকল৷
/asomiyapratidin/media/media_files/2025/05/31/0KkNYbpuoFq5gPjqBQMb.jpeg)
বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহন্ত বড়োৱে আঁতধৰা সভাখন সহায় কৰে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক গণপতি চৌৰাং বড়ো আৰু বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক বিনোদ বড়োৱে৷ সভাখনত বৰমা অঞ্চলৰ কেবাখনো হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us