/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/c7b52a2b-7ffc-4261-96bd-a920092002ab/kokrajhar 5.jpg)
বালাজান তিনালীত ১৪ গৰাকী নিৰীহ লোকৰ হত্যাৰ ৮ বছৰ সম্পূৰ্ণ...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত ২০১৬ চনৰ ৫ আগষ্টত অৰ্থাৎ আজিৰ দিনটোতেই অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে সংঘটিত কৰা গণহত্যাই ৮ বছৰ সম্পূৰ্ণ কৰিলে। উক্ত ঘটনাত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে নিৰ্বিচাৰে কৰা গুলীচালনাত ১৪ গৰাকীকৈ নিৰীহ লোক নিহত হৈছিল।
সেই উপলক্ষে প্ৰতিবছৰৰ দৰে এইবেলিও বালাজান তিনালী বজাৰ প্ৰাংগনত বালাজান তিনালী শ্ৰী শ্ৰী বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন কমিটিৰ উদ্যোগত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলেনেৰে কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে বালাজান তিনালী শ্ৰী শ্ৰী বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন কমিটিৰ সভাপতি সুকুৰাম দৈমাৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/7c3148df-897f-4037-8314-6654e863317a/4546daf2-6a37-4965-b5fc-74de148a28d5.jpg)
আজিৰ কাৰ্যসূচীত বালাজান তিনালী শ্ৰী শ্ৰী বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন কমিটিৰ উপ সভাপতি দেৰহাছাৎ বসুমতাৰী, সম্পাদক বিশ্বজিৎ ৰায়, বালাজান তিনালী ব্যৱসায়ী সন্থাৰ সভাপতি ধনঞ্জয় নাথ, ভুক্তভোগী পৰিয়ালবৰ্গৰ নিকটাত্মীয়সকল উপস্থিত আছিল।
উল্লেখ্য যে ২০১৬ চনৰ ৫ আগষ্টত অৰ্থাৎ আজিৰ দিনটোতেই অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে বালাজান তিনালী বজাৰত নিৰ্বিচাৰে কৰা গুলীচালনাত ১৪ গৰাকীকৈ নিৰীহ লোক নিহত হোৱাৰ লগতে বহুসংখ্যক লোক আহত হৈছিল । উক্ত ঘটনাটোৱে ৰাষ্ট্ৰজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু সেই সময়ত তদনান্তীন মুখ্যমন্ত্ৰীকে ধৰি বহু বিশিষ্টই ঘটনাস্থলী পৰিদৰ্শন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/5b6606d4-0c4d-4571-9229-a3bcb2d9468c/0b83f030-e59b-478b-8835-3b8302157ed6.jpg)
কালক্ৰমত এতিয়া সকলো ঘটনা পাহৰণিৰ গৰ্ভত সোমাই পৰিছে অৱশ্যে অনুষ্টুপীয়াকৈ হ'লেও বালাজান তিনালী শ্ৰী শ্ৰী বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন কমিটিয়ে প্ৰতিবছৰে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।
Also Read: বাংলাদেশৰ অস্থিৰতাত অসমলৈ হ'ব পাৰে অনুপ্ৰৱেশ ! নিৰাপত্তা কটকটীয়া কৰাৰ আহ্বান জাতীয় পৰিষদৰ...