বাক্সাত যুৱ নেতা ৰমেন মদাহিৰ বদন্যতাঃ দলং নিৰ্মাণৰ বাবে বহন কৰিলে সমষ্ট খৰচ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বাক্সা জিলাৰ ক'কলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘগাপাৰত আজি দলং নিৰ্মাণ কৰিবলৈ ৰাইজ ওলাই আহিবলগীয়া হৈছে।

author-image
Asomiya Pratidin
New Update
বাক্সাত যুৱ নেতা ৰমেন মদাহিৰ বদন্যতাঃ দলং নিৰ্মাণৰ বাবে বহন কৰিলে সমষ্ট খৰচ 

ডিজিটেল সংবাদ বাক্সাঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বাক্সা জিলাৰ ক'কলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘগাপাৰত আজি দলং নিৰ্মাণ কৰিবলৈ ৰাইজ ওলাই আহিবলগীয়া হৈছে। বছৰ বছৰ ধৰি যাতায়াতৰ নামত যমৰ যাতনা ভূগি থকা অঞ্চলটোৰ ৰাইজে জন প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষলৈ বাট নাচায় নিজে ভগ্ন বাঁহৰ দলংখন নিৰ্মাণ কৰে। 

Advertisment

উল্লেখ্য যে জিলাখনৰ ঘগাপাৰৰ মাজেৰে যোৱা দুৰ্গম অঞ্চলৰ পথটোত স্বাধীনতাৰ ৭৭ বছৰ পাছতো চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু পৰা নাই। পথটো এতিয়া পথ নহৈ লুংলুঙীয়া বাট যেনহে হৈ পৰিছে। 

বাটটোত দীৰ্ঘদিন ধৰি ভাঙি থকা বাঁহৰ দলংখনৰ বাবে ৰাইজে যাতায়াতৰ নামত দৈনিক হাৰাশাস্তিৰ সম্মুখীন হৈ আহিছে। অঞ্চলটোৰ ৰাইজে যাতায়াতৰ নামত জীয়াতু ভূগি আহিছে। তেনে সময়তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দুখ দূৰ্দশা দেখি দলংখন পুনৰ নিৰ্মাণৰ বাবে আগবাঢ়ি আহে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা ৰমেন মদাহি। 

তেওঁ বাঁহৰ দলংখন নিৰ্মাণৰ সকলো খৰচ বহন কৰি পথটোৰে যাতায়ত সুচল কৰি দিয়ে। তেওঁৰ দৰে নেতা দৰকাৰ বুলি মত পোষণ কৰে গঞা ৰাইজে।

বাক্সা