লোকসভা নিৰ্বাচনতে ছপা কৰিছিল বেনাৰ, পোষ্টাৰঃ অনাদায় ধন বিচৰাত ব্যৱসায়ীকহে অপদস্থ তথাকথিত নেতাৰ

এগৰাকী খাটিখোৱা ব্যৱসায়ীয়ে এটা বছৰে প্ৰাপ্যৰ বাবে অপেক্ষা কৰিও সময়ত প্ৰাপ্য পোৱাৰ পৰিবৰ্তে অপদস্থ হে হ’বলগীয়া হ’ল ৰাজনৈতিক নেতাৰ দ্বাৰা। এই ঘটনা বাক্সা জিলাৰ মুছলপুৰত। 

author-image
Tushar Pratim
New Update
লোকসভা নিৰ্বাচনতে ছপা কৰিছিল বেনাৰ, পোষ্টাৰঃ অনাদায় ধন বিচৰাত ব্যৱসায়ীকহে অপদস্থ তথাকথিত নেতাৰ

ডিজিটেল সংবাদ বাক্সাঃ  লোক সভা নিৰ্বাচন অন্ত পৰাৰ পৰাৰ এটা বছৰেই হ’ল। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি কোনোবা সাংসদ হ’ল আন কোনোবা পৰাজিত হৈ দলীয় কাম-কাজ অথবা নিজা ব্যৱসায়ীক কাম-কাজত ব্যস্ত হ’ল। বহুতেই পুনৰ ২৬ ৰ নিৰ্বাচনক লক্ষ্য কৰি পুনৰ ৰাইজৰ মাজত সোমাই পৰিছে আন কোনোবা আকৌ নিজা অংকত ব্যস্ত। 

Advertisment

কিন্তু তাৰ মাজতে এগৰাকী খাটিখোৱা ব্যৱসায়ীয়ে এটা বছৰে প্ৰাপ্যৰ বাবে অপেক্ষা কৰিও সময়ত প্ৰাপ্য পোৱাৰ পৰিবৰ্তে অপদস্থ হে হ’বলগীয়া হ’ল ৰাজনৈতিক নেতাৰ দ্বাৰা। এই ঘটনা বাক্সা জিলাৰ মুছলপুৰত। 

মুছলপুৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী হিচাপে পৰিচিত হিতেশ কছাৰী। তেওঁ এটা প্ৰিণ্টিং প্ৰেছৰ সত্বাধিকাৰী। তেওঁৰ এই প্ৰিণ্টিং প্ৰেছতে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ বেনাৰ, পোষ্টাৰ আদি ছপা কৰিছিল কোকৰাঝাৰ লোকসভা সমষ্টিৰ জোন দাস নামৰ এজন প্ৰাৰ্থীয়ে।

হিতেশ কছাৰীৰ প্ৰেছে জোন দাস নামৰ সেই নেতাই কোৱা মতেই সময়তে তৈয়াৰ কৰি দিছিল বেনাৰ, পোষ্টাৰ আদি। সেই বেনাৰ, পোষ্টাৰ আদি ছপাৰ নামত অনাদায় হৈ আছে প্ৰায় ডেৰ লাখ টকা। 

অবড়ো নেতা জোন দাসৰ পৰা সেই অনাদায় ধন বিচাৰি তেওঁৰ কাষলৈ গৈছিল হিতেশ কছাৰী। বিগত প্ৰায় এটা বছৰে অনাদায় ধন বিচাৰিও নোপোৱাত আজি জোন দাসে মুছলপুৰত সংবাদ মেলত অংশ গ্ৰহণ কৰিবলৈ অহাৰ সময়তে তেওঁক সাক্ষাত কৰে হিতেশ কছাৰীয়ে। 

কিন্তু জোন দাস নামৰ সেই তথাকথিত নেতাজনে হিতেশ কছাৰীক তেওঁৰ প্ৰাপ্য আদায় দিয়াৰ পৰিবৰ্তে তেওঁৰ একাংশ সহযোগীৰ হতুৱাই নানান গালিড-গালাজ কৰি খেদি পঠিওৱাৰহে অভিযোগ উঠিছে। সেয়ে অসহায় হৈ এতিয়া এইগৰাকী ব্যৱসায়ীয়ে সাংবাদিকৰ কাষ চাপিছে আৰু জোন দাসৰ এই কু-কৰ্মৰ বিষয়ে উল্লেখ কৰিছে। তেওঁক শীঘ্ৰেই সেই অনাদায় ধন আদায় দিবলৈয়ো দাবী জনাইছে। 

 

মুছলপুৰ বাক্সা