বাক্সাৰ নিকাছিত অন্যান্য পিছপৰা শ্ৰেণীৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভা

বাক্সাৰ নিকাছিত অন্যান্য পিছপৰা শ্ৰেণীৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভা ।

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ নিকাছিস্থিত জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয় সভাকক্ষত‌ দেওবাৰে সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ মুছলপুৰ জিলা সমিতিৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয় । ভিন্ন প্ৰান্তৰ পৰা অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা আজিৰ সভাত সভাপতিত্ব কৰে মুছলপুৰ জিলা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ সভাপতি দ্বীজেন দাসে ।

Advertisment

উক্ত সভাতে যোৱা তিনিটা বৰ্ষৰ কাৰ্যকালৰ বিৱৰণ দিয়াৰ লগতে হিচাপ-নিকাচ দাখিল কৰা হয় । সভাত উপস্থিত থাকি মুছলপুৰ জিলা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ সভাপতি দ্বীজেন দাসে কয় যে পূৰ্বপুৰুষ সূত্ৰে যিসকল ল'ৰা-ছোৱালী অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত হ'ব লাগে তেওঁলোকক বাদ নেপেলাবলৈ চেষ্টা কৰা হৈছে । লগতে কয় যে, আগতে কোনোবাই ভেজাল অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ লাভ কৰিছিল যদিও এতিয়া সেইবোৰ মুঠেই হ'ব নোৱাৰে । এতিয়া অনলাইন মাধ্যমেৰে সকলো হয়, আমি মাত্ৰ পৰামৰ্শ প্ৰদান কৰো ।

Also Read: পৃথিৱীৰ সবাতোকৈ গুৰুত্বপূৰ্ণ মানুহজন- আপুনি

baksa