/asomiyapratidin/media/media_files/2024/12/22/b02S1nFsv18gagZQCZPU.jpg)
বৰমাত বিনামূলীয়া কৰ্কট স্ক্ৰীণিং আৰু স্বাস্থ্য সজাগতা শিবিৰ সম্পন্ন
ডিজিটেল ডেস্কঃ আজি বাক্সা জিলাৰ বৰমাত বৰপেটা কৰ্কট কেন্দ্ৰ আৰু ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেম'ৰিয়েল ট্ৰাষ্টে, বেচৰকাৰী সংগঠন 'ৰিদম অৱ লাইফ'ৰ সহযোগত আয়োজন কৰে এক বিনামূলীয়া কৰ্কট ৰোগৰ স্ক্ৰীণিং আৰু স্বাস্থ্য সজাগতা শিবিৰ। এই শিবিৰ উদ্বোধন কৰে বাক্সাৰ উপায়ুক্ত গৌতম দাসে।
/asomiyapratidin/media/media_files/2024/12/22/zwuAo6kCHaBeeyb7QR3o.jpeg)
বৰমাৰ বি কে ভাণ্ডাৰী এলপি স্কুলত অনুষ্ঠিত হোৱা এই শিবিৰত ১৫৩ গৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ কৰ্কট ৰোগ পৰীক্ষা কৰা হয়। এই স্বাস্থ্য শিবিৰত ডাঃ মেজৰ জেনেৰেল জি পি প্ৰসাদ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2024/12/22/GgvRdwhXxJjptMGFRONi.jpeg)
এই স্বাস্থ্য শিবিৰত ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেম'ৰিয়েল ট্ৰাষ্টৰ হৈ ডাঃ ৰমেন তালুকদাৰ, চি এ প্ৰদীপ কুমাৰ নাহতা, ডাঃ পি পি বৰুৱা, ডাঃ মৃণাল তালুকদাৰ, ৰিতুমণি তালুকদাৰ, হেমন্ত কুমাৰ শৰ্মা আৰু ৰাহুল জৈনকে ধৰি বহু কেইজন লোক উপস্থিত থাকে। তাৰোপৰি বৰপেটা কৰ্কট কেন্দ্ৰ আৰু বৰমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীসকলে স্ক্ৰীণিং আৰু অন্যান্য স্বাস্থ্য সেৱা প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2024/12/22/kxGxFpGGuCOX9KH3DEAi.jpeg)
এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ‘ৰিদম অফ লাইফ'ৰ সদস্যসকলৰ সহযোগিতা আছিল উল্লেখনীয়। তেওঁলোকে এই স্বাস্থ্য শিবিৰক সফল কৰি তোলাত বিশেষ অৰিহণা যোগালে। স্থানীয় লোকসকল এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেম'ৰিয়েল ট্ৰাষ্ট, চিকিৎসক আৰু কৰ্মচাৰীসকলক প্ৰশংসা কৰে। তেওঁলোকে ডাঃ ৰমেন তালুকদাৰক অন্যান্য স্থানতো অনুৰূপ ধৰণে স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।