বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত সজগতামূলক কৰ্মশালা

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত সজগতামূলক কৰ্মশালা

ডিজিটেল সংবাদ,কোকৰাঝাৰ : বৰ্তমান সময়ত ড্ৰাগছে সৃষ্টি কৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে কোকৰাঝাৰ জিলাৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত “Drug abuse and its adversities on mental health” নামেৰে এক এদিনীয়া কৰ্মশালা সজাগতা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ NSS গোট , মানসিক স্বাস্থ্য কোষ (ANTI DRUG CLUB)আৰু ছাত্ৰ একতা সভাৰ দ্বাৰা কৰ্মশালাখনি আয়োজন কৰা হয়।

উক্ত কৰ্মশালাখনত মহাবিদ্যালয়খনৰ ছাত্ৰ তথা ৰ NSS গোটৰ সদস্য জিত বৰ্মনৰ ভাষণৰে অনুষ্ঠানটি শুভাৰম্ভ কৰা হয় । উক্ত কৰ্মশালা খনত কোকৰাঝাৰ জিলাত কৰ্মৰত তৰুণ গোয়ল আই পি এচ উপস্থিত থাকি ড্ৰাগছৰ ভয়াৱহতা আৰু প্ৰতিকাৰৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বহুলভাৱে ব্যাখ্যা আগবঢ়ায় ।

ইয়াৰোপৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যদিহে কেতিয়াবা নিচাসক্ত দ্ৰব্যৰ বাবে কিবা সমস্যা হয় তেতিয়া তেওঁ যিকোনো সময়ত, যিকোনো পৰিস্থিতি ছাত্ৰ- ছাত্ৰীসকলক সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। উক্ত কৰ্মশালাত আৰক্ষী বিষয়া তৰুণ গোৱেলৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড্ৰাগছে সৃষ্টি কৰা ভয়াৱহতা তথা প্ৰতিকাৰৰ বিষয়ে বহলভাৱে বুজাই দিয়ে মহাবিদ্যালয় খনৰ অধ্যক্ষ কমল কুমাৰ ব্ৰহ্ম আৰু অসামৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অধ্যাপক ড০ মেদেলছন ৰংহাঙে ।

উল্লেখযোগ্য যে মহাবিদ্যলয়খনৰ ছাত্ৰী জিমলি বৰা আৰু ওৱাছিমা নাৰজিছে আঁত ধৰা কৰ্মশালাখনত শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী তথা শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহন কৰে। কৰ্মশালাখনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

মহাবিদ্যালয়খনৰ মানসিক স্বাস্থ্য (ANTI DRUG CLUB) কোষৰ তত্বাবধায়ক ড° ৰুপমজ্যোতি নাথৰ নেতৃত্বত আয়োজন কৰা কৰ্মশালাখনত NSS গোটৰ প্ৰেগম অফিছাৰ ড০ দেৱানন্দ দাসৰ বক্তব্যৰে সামৰণি পৰে। প্ৰণিধানযোগ্য যে কোকৰাঝাৰত শেহতীয়াকৈ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰী ড্ৰাগছৰ কবলত পৰি ধ্বংসৰ ফালে গতি কৰিছে।

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত সজগতামূলক কৰ্মশালা
গোৱালপাৰাত জালনোটসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in