/asomiyapratidin/media/media_files/2025/01/24/X5SUFVu3QZTqru11VroI.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ ক্ৰমবৰ্দ্ধমান পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ বিভিন্ন সজাগতামূলক কাৰ্য্যসূচীৰ মাজেৰে সমগ্ৰ দেশজুৰি পালিত হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। আজি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনস্থ ৰাষ্ট্ৰীয় ঘাইপথ ইমফ্ৰা ট্ৰাষ্টৰ উদ্যোগত আৰু চিৰাং জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত পথ সুৰক্ষাৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷
পেৰেড গ্ৰাউণ্ডত গণৰাজ্য দিৱসৰ পেৰেডৰ কুচকাৱাজৰ আখৰাৰত অংশগ্ৰহণ কৰা দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা আনিবলৈ এই বাটৰ নাট প্ৰদৰ্শন কৰা হয়। পথত বাহন চলোৱাৰ সময়ত লবলগীয়া সাবধানতাৰ প্ৰতি লক্ষ্য ৰাখি মূলতঃ এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷
আজিৰ এই পথ সুৰক্ষাৰ ওপৰত অনু্ষ্ঠিত কাৰ্যসূচী সন্দৰ্ভত চিৰাং জিলা আয়ুক্ত যতীন বৰাই কয় যে, পথ সুৰক্ষাৰ ওপৰত চিৰাং জিলা পথ সুৰক্ষা সমিতিয়ে যথেষ্ট গুৰুত্বাৰোপ কৰি কাম কৰি থকা হৈছে যাৰ কাৰণে চলিত জানুৱাৰী মাহত জিলাখনত কোনো এটা পথ সংঘটিত হৈ মৃত্যু হোৱাৰ দৰে ঘটনা সংঘটিত হোৱা নাই বুলি দাবী কৰে ।