/asomiyapratidin/media/media_files/2025/02/04/AgOFpU6VB7no1yXFaEWE.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমৰ বিভিন্ন জিলাত কেঞ্চাৰ কেয়াৰ কেন্দ্ৰসমূহৰ অন্যতম দৰং কেঞ্চাৰ কেন্দ্ৰৰ ওদালগুৰি জিলাৰ কেঞ্চাৰ কমিউনিটি প্ৰগ্ৰেমৰ উদ্যোগত আৰু দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব কৰ্কট দিৱস পালন কৰা হয়।
এই উপলক্ষে ৰাতিপুৱা প্ৰায় ৯.৩০ বজাত ৰৌতা আদৰ্শ চিকিৎসালয়ৰ পৰা বিশ্ব কৰ্কট দিৱস উপলক্ষে এক সজাগতা সমদল উলিওৱা হয়। বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি কেঞ্চাৰ সজাগতামূলক সমদলত দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, ৰৌতা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকলৰ লগতে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়া কৰ্মচাৰীৰ লগতে বহুলোকে অংশগ্ৰহণ কৰে।
এই সজাগতা সমদলৰ অন্তত চিকিৎসালয় চৌহদত অনুষ্ঠিত সজাগতা সভাত কিদৰে প্ৰাথমিক অৱস্থাত কৰ্কট ৰোগ চিনাক্ত কৰি ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয়।প্ৰতিৰোধমূলক ব্যৱস্থা, আৰু উপলব্ধ চিকিৎসা বিকল্পকে ধৰি বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়।
অনুষ্ঠানত কেইবাজনো ৰোগীক পৰীক্ষা কৰা হয়। কাৰ্যসূচীত ডাঃ আৰ. দে, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জিলা সমন্বয়ক ষ্টীফা লখনাৰীৰ লগতে নাৰ্চ আৰু চিকিৎসা কৰ্মীসকল উপস্থিত থাকে।