বাক্সা জিলাত পশুধন জাগৃতি অভিযান

বাক্সা জিলাত পশুধন জাগৃতি অভিযান

author-image
Asomiya Pratidin
New Update
বাক্সা জিলাত পশুধন জাগৃতি অভিযান

ডিজিটেল সংবাদ, তামুলপুৰঃ অসমৰ ৭ খন আকাংক্ষিত জিলাত ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ অধীনত পশুধন জাগৃতি অভিযান (পি.জে.রাই.) উপলক্ষে শুকুৰবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত বাক্সা জিলাৰ খল্লাত সজাগতা আৰু পশু প্রজনন শিবিৰৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অসম চৰকাৰ আৰু বাক্সা জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত উদযাপিত এই অনুষ্ঠানত ৭২৩ টা জীৱ-জন্তুৰ স্বাস্থ্য পৰীক্ষা কৰি ৰোগ নিৰূপন কৰা হয় আৰু বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হয়।

Advertisment

এই কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত সজাগতা সভাত পশুধন জাগৃতি অভিযান, অসমৰ ন'ডেল বিষয়া ড° মিহিৰ শৰ্মাৰ উদ্বোধনী ভাষন আগবঢ়ায় আৰু দিনজোৰা কাৰ্যসূচীৰে এক সজাগতা শিবিৰ আৰু কৃষক বিজ্ঞানী মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বাক্সা জিলা পশুপালন বিষয়া ভৃগু ভাষ্কৰ নাথে পি. জে. ৱাইৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিশদ ব্যখ্যা আগবঢ়ায় আৰু চবকা ৰোগ প্ৰতিৰোধৰ বাবে পশুপালক ৰাইজক সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ভৃগু ভাষ্কৰ নাথে সমাবেত ৰাইজক উদ্দেশ্যি পশুধনৰ স্বাস্থ্য সুৰক্ষাৰ জৰিয়তে দুগ্ধ খণ্ডৰ ভৱিষ্যৎ উন্নীতকৰণৰ বাবে কৃষকসকলক আহ্বান জনোৱাৰ লগতে বাণিজ্যিক দুগ্ধ পালনৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত এক জ্ঞানগর্ভ বক্তৃতা প্ৰদান কৰে। তেওঁ স্থানীয় কৃষকসকলক জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সৈতে আলোচনা কৰি বৈজ্ঞানিক পৰিচালনা পদ্ধতি, প্ৰশিক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড মিতালী দত্ত, সহকাৰী অধ্যাপক ড আৰফান আলী, ড ৰাজ জ্যোতি ডেকা, ড বেনদাংলা চাংকিজা, ডাঃ সদানন্দ পায়েং, ড অনিল ডেকা, ড লুকুমণি বুঢ়াগোহাঁই, ডাঃ ধ্ৰুৱ জ্যোতি বৰপূজাৰী আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ২৬ গৰাকী ছাত্র-ছাত্রী, অসম কৃষি বিশ্ববিদ্যালয়ৰ মন্দিৰাস্থিত পশুধন গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডাঃ গুণজিত দাস, বাকসা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ড দেবজিৎ ডেকাৰ উপস্থিতিত এটি কৃষক বৈজ্ঞানিক মত বিনিময় অনুষ্ঠান পৰিচালনা কৰা হয়।

উক্ত অনুষ্ঠানৰ আয়োজক ড° শৰ্মাই ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগক আর্থিক সহায় আৰু ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগক ঔষধ বিষয়া আৰু কৰ্মচাৰীৰে সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। এই কাৰ্যসূচীত পশুপালক ৰাইজক প্ৰদান কৰা দৰৱ, খনিজ পদার্থ আৰু ভিটামিন জাতীয় ঔষধৰ যোগানৰ ব্যৱস্থা কৰাৰ বাবে ইণ্ডিয়ান ইমিউন'লজিকেলছৰ বি.এন. বন্দোপাধ্যায়ক ধন্যবাদ জ্ঞাপন কৰা হয় ৷

Also Read: টাইম নাই !

veterinary department baksa