/asomiyapratidin/media/media_files/2024/12/03/qix5VmR5Z7AzmfsaGQ3W.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত চলি থকা অবাধ বনধ্বংস আৰু বেদখল কাৰ্যৰ বিৰুদ্ধে অসমীয়া প্ৰতিদিনত ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ পিছত অৱশেষত গাঁ লৰিল বিটিচিৰ বনবিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ। নৱগঠিত ৰাষ্ট্ৰীয় উদ্যানৰ এই বনধ্বংস আৰু বেদখলকাৰীৰ কবলৰ পৰা চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানখনক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা গ'ল বিটিচি বনবিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, চিৰাং জিলা প্ৰশাসনৰ লগতে চিৰাং বনসংমণ্ডলক ।
আজি নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ আৰম্ভ হোৱা বনধ্বংস আৰু বেদখল প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে চিৰাং জিলা প্ৰশাসন, বনবিভাগৰ উদ্যোগত আৰু প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্যৰ সহযোগত ৰুণীখাতাত এক সুৰক্ষামূলক পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। ৰুণীখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্ত যতীন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সুৰক্ষামূলক পৰ্যালোচনা সভাত উপস্থিত থাকে বিটিচিৰ বনবিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, জিলা আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গ, চিৰাং বনসংমণ্ডল বিষয়া কুঞ্জ বসুমতাৰী, এছএছবিৰ ৬ নং বেটেলিয়ানৰ সহকাৰী কমাণ্ডেণ্ট সহ চিৰাং জিলা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু, বড়ো সাহিত্য সভা, সদৌ চাওঁতাল ছাত্ৰ সন্থা, সদৌ গোৰ্খা ছাত্ৰ সন্থা, চিৰাং জিলা দুলাৰায় বাথৌ গৌথুম, খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰকসকলৰ উপৰি সমাজৰ বিভিন্ন পৰ্য্যায়ৰ লোকৰ লগতে সাংবাদিকসকল উপস্থিত থাকে ।
সভাৰ আৰম্ভণিতে দৃশ্য শ্ৰব্যৰ মাধ্যমেৰে উপস্থিত লোকসকলক দেখুওৱা হয় যে নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত কিদৰে কোন কোন এলেকাত মূল্যবান গছ-গছনি কাটি বেদখলকাৰীসকলে বনজঙ্ঘল ধ্বংস কৰি আছে। আজিৰ এই সভাত জিলা এবছুৰ সভাপতি দিলীপ বসুমতাৰীয়ে ভাষণত বনধ্বংস কাৰ্যৰ ফলত এই অঞ্চলত কিদৰে জলবায়ুৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে আৰু তাৰ পাৰ্শ্বক্ৰিয়াবোৰৰ কথা উল্লেখ কৰে।
ইয়াৰ পৰা আমাৰ বৰ্তমান প্ৰজন্মৰ লগতে ভবিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি এই বনাঞ্চল ৰক্ষা কৰাৰ কাৰণে কেৱল বনবিভাগ তথা চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল হৈ নেথাকি সমাজৰ প্ৰতিটো বৰ্গৰ লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানখনক ৰক্ষা কৰিবলৈ বিটিচি প্ৰশাসনৰ লগতে বনবিভাগৰ লোকক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু এই কাৰ্য্যত এবছুয়ে সহযোগ আগবঢ়াই যাব বুলি মন্তব্য কৰে ।
সামান্তৰাল ভাবে সদৌ গোৰ্খা ছাত্ৰ সন্থা, সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ পৰাও এই বনাঞ্চল ধ্বংসৰ কাৰ্য্যক লৈ উদ্বেগ প্ৰকাশ কৰে। লগতে এই ৰাষ্ট্ৰীয় উদ্যানখনক ৰক্ষা কৰিবলৈ সকলো পক্ষকে ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত থাকি কাম কৰিবলৈ আহ্বান জনায় আৰু এই মহান কাৰ্য্যত তেওঁলোকৰ সদায় থাকিব বুলি দোহাৰে।
আজি নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ স্বাৰ্থত আয়োজন কৰা সুৰক্ষাৰ ওপৰত আয়োজন কৰা পৰ্য্যালোচনা সভাত বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে নিজেও বনধ্বংস আৰু বেদখল কাৰ্য্য চলি থকাৰ কথা স্বীকাৰ কৰে। তেখেতে চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত চলি থকা বনধ্বংস আৰু বেদখল কাৰ্য্য ধাৰাবাহিক বাতৰিত কিছু ক্ষুন্ন হৈ বনধ্বংসৰ বাতৰি পৰিবেশন কৰা একাংশ সাংবাদিকক হালধীয়া সাংবাদিকতা কৰা বুলি মন্তব্য কৰে ।
তেখেতৰ মতে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় উদ্যানত চলি থকা বনধ্বংস আৰু বেদখল কৰা কাৰ্য্যৰ আঁৰত বিৰোধী ৰাজনৈতিক দল বিপিএফৰ একাংশ নেতাক দোষাৰোপ কৰা দেখা যায়। তেখেতৰ মতে ঘৰদুৱাৰ, কৃষি ভূমি থকা একাংশ লোকক উচটনি দি এই দুষ্কাৰ্য সংঘটিত কৰি আছে বুলি দাবী কৰে।
এনেধৰনৰ কৰ্মকাণ্ড কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে । তেখেতে ভাষণত কয় যে, প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি প্ৰশাসনে এই ৰাষ্ট্ৰীয় উদ্যানত চলিথকা বেদখল মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ।
তেওঁ কয়, ৰাষ্ট্ৰীয় উদ্যানখনক বেদখলমুক্ত কৰিবলৈ আমি কোনো ৰাজনৈতিক স্বাৰ্থৰ কথা চিন্তা নকৰিম, বহুতে কোৱা ধৰনে আমি আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে হেনো এই বেদখলকাৰীৰ বিৰুদ্ধে কনো ব্যবস্থা গ্ৰহণ কৰা নাই। আমি এই সভাৰ জৰিয়তে ঘোষণা কৰিছো যে নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষিত ৰখাৰ স্বাৰ্থত আমি খুব কম সময়ৰ ভিতৰত ব্যবস্থা কৰিবলৈ আগবাঢ়িছো।
আমি প্ৰথমে বেদখলকাৰী সকলক বুজনি দিয়াৰ চেষ্টা কৰিম তাৰ পিছতো যদি তেওঁলোক ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আঁতৰি নাহে তেনেহলে আমি কঠোৰ ব্যবস্থা গ্ৰহণ কৰাৰ কৰা প্ৰকাশ কৰে। উপস্থিত ৰাইজক তেখেতে কয় যে, এই অবাধ বনধ্বংসৰ ফলত এই ভাৰত-ভূটান সীমান্ত অঞ্চলৰ ভূমিগত জলস্তৰ গভীৰৰ পৰা গভীৰলৈ যাবলৈ আৰম্ভ কৰিছে।
এইবেলি আমাৰ এই অঞ্চলত মে, জুন মাহত ৪০ ডিগ্ৰী ছেলছিয়াছলৈ গুছি গৈছিল আৰু এইদৰে যদি আমাৰ সেউজীয়া বনজঙ্ঘল ধ্বংস কৰি গৈ থাকো তেনেহলে আগলৈ আমি ভয়াবহ জলবায়ু পৰিৱৰ্তনৰ চিকাৰ হ'ব লাগিব বুলি মন্তব্য কৰে। তেনেক্ষেত্ৰত আমি প্ৰথমতে এই অঞ্চলত বসবাস কৰা লোকসকলেই আগবাঢ়ি আহিব লাগিব আৰু চিহ্নিত কৰিব লাগিব কোন সকল দুস্কৃতিকাৰীৰ উচটনিত এই কাৰ্য্য সংঘটিত হৈ আছে।
সামান্তৰাল ভাবে বেদখলকাৰী লোকসকলক এই বনধ্বংস কৰা কাৰ্য্যৰ পৰা আঁতৰি আহিবলৈ বুজনি দিব লাগিব। আমি এই বেদখলকাৰী সকলৰ মাজত কোনখিনি লোক প্ৰকৃতাৰ্থত ভূমিহীন সেই লোক সকলক চিহ্নিত কৰি প্ৰয়োজনত ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ বাহিৰত ভূমি আবন্টন দি সংস্থাপনৰ ব্যবস্থা কৰাৰ চিন্তা কৰিছো।
যি সকলৰ ঘৰদুৱাৰ, খেতিপথাৰ আছে তেওঁলোকক নিজৰ প্ৰকৃত ঘৰলৈ পুনৰ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম । কাৰণ আমাৰ এই অঞ্চলত বনজঙ্ঘল আমিয়ে সুৰক্ষিত কৰিব লাগিব বুলি ভাষণত উল্লেখ কৰে।
আজিৰ এই সভাত সাংবাদিক জয়ন্ত দেবনাথে ভাষনত কয় যে, নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হোৱাৰ পিছত আমি ভাবিছিলো যে ধ্বংসমুখী বনাঞ্চল এইবাৰ ৰক্ষা পৰিব। কিন্তু যেতিয়া আমি গম পালো যে বনবিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় উদ্যানখনত বনধ্বংস চলি আছে আৰু সেই খবৰ লাভ কৰি একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন ধ্বংসৰ পৰা স্বাৰ্থত ক্ষেত্ৰভিত্তিক বাতৰি পৰিবেশন কৰিছিলো।
যাৰ ফলত আজি বিটিচিৰ বনবিভাগ আৰু জিলা প্ৰশাসনে এইক্ষেত্ৰত গুৰুত্বাৰোপ কৰি কাম কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ৰাষ্ট্ৰীয় উদ্যান খনক ৰক্ষা কৰিবলৈ সকলো পক্ষকে ৰাজনৈতিক স্বাৰ্থ পৰিহাৰ কৰি কাম কৰিবলৈ আহ্বান জনায় তেওঁ।
প্ৰয়োজনত এটা টাস্ক ফৰ্চ গঠন কৰি গতানুগতিক উচ্ছেদ অভিযান চলোৱাৰ আগত বনধ্বংসকাৰী লোক সকলৰ মানসিকতা পৰিবৰ্তন কৰাৰ পোষকতা কৰে। দুলাৰায় বাথৌ গৌথুমৰ চিৰাং জিলাৰ সভাপতি শ্যামাচৰণ ওৱাৰীয়ে ভাষণত ধৰ্মীয় দৃষ্টিভঙ্গীৰে বনজঙ্ঘল ৰক্ষা কৰাৰ আহ্বান জনায়।
বড়ো সাহিত্য সভাৰ পৰাও ৰাষ্ট্ৰীয় উদ্যানৰ বনধ্বংস আৰু বেদখল কাৰ্য্যক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু বনধ্বংস ৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আনপিনে জিলা আয়ুক্ত যতীন বৰাই ভাষণত উল্লেখ কৰে যে, এই বনধ্বংস আঁৰত যে কেৱল দৰিদ্ৰ লোকেই জড়িত থাকে তেনেকুৱা নহয়, বহু চাকৰিজীৱি, প্ৰতিষ্ঠিত ঠিকাদাৰো এই বনধ্বংস কাৰ্য্যৰ সৈতে জড়িত থকাৰ অভিযোগ আছে বুলি সদৰি কৰে।
তেনেকুৱা লোকৰ নাম যদি পোহৰলৈ আহে তেনেহলে জিলা প্ৰশাসনৰ পৰা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে। তেখেতে আৰু কয় যে এই বনজঙ্ঘল আপোনালোকৰে, ইয়াৰ ৰক্ষা কৰাৰ দায়িত্ব কেৱল চৰকাৰ বা প্ৰশাসনৰ নহয় আপোনালোকৰো আছে । সেয়ে সকলো পক্ষকে এই নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষিত কৰি ৰাখিবলৈ কাম কৰাৰ বাবে আহ্বান জনায়।