চিৰাঙৰ শিশু বিক্ৰী কাণ্ড পোহৰলৈ অহাৰ পাছত জিলা প্ৰশাসনৰ উদ্যোগত সজাগতা সভা

চিৰাঙৰ শিশু বিক্ৰী কাণ্ড পোহৰলৈ অহাৰ পাছত জিলা প্ৰশাসনৰ উদ্যোগত সজাগতা সভা
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাত শিশু বিক্ৰী কাণ্ড পোহৰলৈ অহাৰ পাছত মঙলবাৰে জিলা প্ৰশাসনৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত বিজয় ভাস্কৰ ৰেড্ডী আৰু জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাৰ উপস্থিতিত ভূটান সীমান্তৱৰ্তী শিলিখাগুৰি গাঁৱত অনুষ্ঠিত সজাগতা সভাত স্থানীয় গঞাঁ-ৰাইজে অংশগ্ৰহণ কৰে।

শিক্ষা, স্বাস্থ্য, যোগাযোগ আদি সৰ্বদিশত অতিকৈ পিছপৰা অঞ্চলটোৰ অধিকাংশ লোকৰে প্ৰচলিত আইনী ব্যৱস্থা সম্পৰ্কে সাধাৰণ জ্ঞানৰ অভাৱৰ বাবেই গাঁও খনত এই ঘটনা সংঘটিত হৈছে বুলি সভাত উপস্থিত অঞ্চলটোৰ একাংশ সচেতন লোকে মন্তব্য কৰে। সভাত আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই শিশু বিক্ৰী বা মানৱ সৰবৰাহ কৰা অপৰাধ সংঘটিত কৰিলে কি ধৰণৰ দেশৰ প্ৰচলিত আইন ব্যৱস্থাত কি কি শাস্তিৰ ব্যবধান আছে সেই কথা উল্লেখ কৰে লগতে কোনো নিঃসন্তান দম্পতীয়ে যদি সন্তান দত্তক ল'ব খোজে তেনেহ'লে টকাৰ বিনিময়ত ক্ৰয় নকৰি চৰকাৰৰ নীতি নিয়ম অনুসৰণ কৰি দত্তক ল'বলৈ আহ্বান কৰে ।

ইপিনে দৰিদ্ৰতাৰ বাবে পিতৃ মাতৃয়ে নিজৰ সন্তান বিক্ৰী কৰাৰ ঘটনাৰ বাবে গাঁৱৰ বাসিন্দা সকল অতিকৈ লজ্জিত বুলিও উল্লেখ কৰে । জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ ৰশ্মিৰেখা শৰ্মা, অতিৰিক্ত উপায়ুক্ত অৰূপ নাৰায়ণ চৌধুৰী, জিলা গ্ৰামোন্নয়ন প্ৰকল্প বিষয়া অৰবিন্দ ৰাভা, জিলা শিশু সুৰক্ষা বিষয়া সুৰশ্ৰী পাঠক,জিলা সমাজ কল্যাণ বিষয়া সমেশ্বৰ মুছাহাৰী, বেংতল ৰাজহচক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা শৰ্মা প্ৰমুখ্যে উচ্চ পদস্থ বিষয়া সকল আজি গাঁওখন উপস্থিত হৈ সজাগতা সভা অনুষ্ঠিত কৰাত অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে জিলা প্ৰশাসনৰ শলাগ লয়। শিক্ষানুষ্ঠান আৰু চিকিৎসাৰ অভাৱত দুৰ্ভোগ ভোগা গঞাঁ-ৰাইজে জিলা আয়ুক্তক চৰকাৰে দুখীয়া-দৰিদ্ৰ জনৰ বাবে প্ৰদান কৰা সকলো আঁচনি যাতে প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হয়,তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

জিলা আয়ুক্ত বিজয় ভাস্কৰ ৰেড্ডীয়ে অহা সপ্তাহৰ ভিতৰতে অঞ্চলটোত এখন গাঁওসভা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত গাঁওসভাতে অঞ্চলটোৰ গঞাঁ-ৰাইজে বঞ্চিত হৈ থকা চৰকাৰী আঁচনি সমূহৰ খতিয়ান আৰু সমস্যা সমূহৰ সমাধান কৰাৰ বাবে ভাৰত তথা অসম চৰকাৰৰ জনকল্যাণমূলক আচঁনি সমূহৰ লাভ ৰাইজে লাভ কৰিব পাৰে তাৰ বিশেষ ব্যবস্থা কৰা হব বুলি আশ্বাস প্ৰদান কৰে । আজিৰ সজাগতা সভাত উপস্থিত থকা স্থানীয় ৰাইজে আগলৈ যাতে সভ্য সমাজক কলংকিত এই ধৰণৰ কাণ্ড অঞ্চলটোত সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলিও দৃঢ় মত প্ৰকাশ কৰে ।    

চিৰাঙৰ শিশু বিক্ৰী কাণ্ড পোহৰলৈ অহাৰ পাছত জিলা প্ৰশাসনৰ উদ্যোগত সজাগতা সভা
কোটি টকীয়া জল জীৱন আঁচনিৰ নামত ভেঁকোভাওনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in