কাৰ্যকৰী হোৱা তিনিখনকৈ নতুন আইন সন্দৰ্ভত কোকৰাঝাৰ থানাত সজাগতা সভা...

আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে দাঙি ধৰিলে ব্যাখ্যা

author-image
Asomiya Pratidin
New Update
কাৰ্যকৰী হোৱা তিনিখনকৈ নতুন আইন সন্দৰ্ভত কোকৰাঝাৰ থানাত সজাগতা সভা...

কাৰ্যকৰী হোৱা তিনিখনকৈ নতুন আইন সন্দৰ্ভত কোকৰাঝাৰ থানাত সজাগতা সভা...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ আজিৰে পৰা দেশত বলৱৎ হ'ল তিনিখনকৈ নতুন আইন ৷ আজি কোকৰাঝাৰ সদৰ থানা চৌহদত ভাৰতীয় ন্যায় সংহিতা-২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম-২০২৩ ৰ বিষয়ে সাধাৰণ জনতাক অৱগত কৰা আৰু সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে এক সজাগতা সভা অনুষ্ঠিত হয় ।

Advertisment

কোকৰাঝাৰ সদৰ থানা চৌহদত অনুষ্ঠিত হোৱা সজাগতা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজ্যোতি ফুকনে ৷ সভাত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে দেশত বলৱৎ হোৱা আইন সন্দৰ্ভত ৰাইজৰ আগত বহলাই ব্যাখ্যা দাঙি ধৰে ৷

আৰক্ষী অধীক্ষক সিঙে বৃটিছৰ দ্বাৰাই সৃষ্টি আৰু ১৮৬২ চনৰ পৰাই শতিকা জুৰি চলি অহা ভাৰতীয় দণ্ডবিধি আইনৰ মাজত থকা আসোঁৱাহসমূহ দূৰ কৰি ভুক্তভোগীসকলক প্ৰকৃত ন্যায় দিবলৈ আৰু ন্যায় বিচাৰ খৰতকীয়া কৰিবলৈ চৰকাৰে চলোৱা এই পদক্ষেপ সম্পৰ্কে উপস্থিত লোকসকলক সহজ সৰল ভাষাত বুজাই দিয়ে।

সভাত গাওঁৰক্ষী বাহিনীৰ সম্পাদক,মহিলা সমিতিৰ নেতৃবৃন্দৰ লগতে সাধাৰন ৰাইজ উপস্থিত থাকে ।

Also Read: আজিৰে পৰা কাৰ্যকৰী হোৱা ৩ ফৌজদাৰী আইনৰ সন্দৰ্ভত অমিত শ্বাহে কি ক'লে...

কোকৰাঝাৰ