Advertisment

চিৰাঙত লোকনিৰ্মাণ বিভাগৰ PMGSY ৰ ওপৰত সজাগতামূলক শিবিৰ

চিৰাং জিলা লোকনিৰ্মাণ বিভাগৰ উদ্যোগত মঙলবাৰ দিনা ৰঞ্চাইধামত প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা আঁচনি সন্দৰ্ভত এক সজাগতামূলক শিবিৰৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চিৰাঙত লোকনিৰ্মান বিভাগৰ PMGSY ৰ ওপৰত সজাগতামূলক শিবিৰ

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলা লোকনিৰ্মাণ বিভাগৰ উদ্যোগত মঙলবাৰ দিনা ৰঞ্চাইধামত প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা আঁচনি সন্দৰ্ভত এক সজাগতামূলক শিবিৰৰ আয়োজন কৰা হয়।গ্ৰামাঞ্চলৰ কেঁচা পথসমূহক পকীকৰণ কৰি চহৰ তথা দেশৰ মুখ্য ধাৰাৰ পথৰ সৈতে সংযোগ স্থাপন কৰাৰ লক্ষ্যৰে ২০০০ চনৰ ২৫ ডিচেম্বৰ তাৰিখে তদানীন্তন দেশৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা আঁচনিৰ।

Advertisment

বাসুগাঁও, ৰঞ্চাইধাম, গয়বাৰীৰ উপৰি বিভিন্ন এলেকাৰ পৰা অহা লোকৰ উপস্থিতিত আয়োজিত এই সজাগতামূলক শিবিৰত বিগত সময়ছোৱাত চিৰাং জিলাত প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা আঁচনিৰ অধীনত উন্নত মানদণ্ডৰ পকীপথ নিৰ্মাণ হোৱাৰ পিছত জিলাখনৰ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি খেতিয়ক, সাধাৰণ ৰাইজ কিদৰে উপকৃত হৈছে আৰু অঞ্চলটোৰ উন্নয়নত কিদৰে সহায়ক হৈছে তাৰ ওপৰত আলোকপাত কৰে চিৰাং সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা অতনু শৰ্মা আৰু লোকনিৰ্মাণ বিভাগৰ বেংতল উপসংমণ্ডলৰ অভিযন্তা জয়প্ৰকাশ মুছাহাৰীয়ে।

২০০১ চনৰ পৰা ২০২৪ চন লৈকে চিৰাং জিলাত প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত ৬৩৮ কিলোমিটাৰ পথৰ ৪৫ টা পকী দলং নিৰ্মাণ কৰা হৈছে। চিৰাং জিলাখনত ৫৭ গাঁও/ চুবুৰী এতিয়াও প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক পথ যোজনাৰ সৈতে সংযোজিত হোৱা বাকি আৰু আগন্তুক ২০২৫ বৰ্ষত আৰম্ভ হ'বলগীয়া প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক পথ যোজনাৰ - চতুৰ্থ পৰ্যায়ত জিলাখনৰ বাকি গাঁও/চুবুৰীক অন্তৰ্ভুক্ত কৰি কাম কৰা হ'ব বুলি সভাত উপস্থিত ৰাইজক অৱগত কৰে লোকনিৰ্মাণ বিভাগৰ চিৰাং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অতনু শৰ্মাই।

সমান্তৰাল ভাবে সভাত উপস্থিত লোকসকলৰ সৈতে মত বিনিময় কৰে বেংতল উপসংমণ্ডলৰ অভিযন্তা জয়প্ৰকাশ মুছাহাৰীয়ে। ৰাইজৰ হৈ সজাগতামূলক শিবিৰত ভাষণত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে বিশিষ্ট সমাজকৰ্মী শনিৰাম বসুমতাৰী, সাংবাদিক জয়ন্ত বসুমতাৰীসহ উপস্থিত কেইবাজনো লোকে । ৰাইজৰ জ্ঞাতাৰ্থে উক্ত প্ৰশ্নৰ উত্তৰত দিয়ে লোকনিৰ্মাণ বিভাগৰ উপস্থিত বিষয়ববীয়াসকলে ।

চিৰাং