সাংবাদিকৰ সমস্যাবোৰ সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ আপকুৰ স্মাৰক পত্র প্রদান

সাংবাদিকৰ সমস্যাবোৰ সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ  আপকুৰ স্মাৰক পত্র প্রদান

ডিজিটেল সংবাদ,ওৰাংঃ ৰাজ্যখনৰ চৰকাৰী চাকৰিবিহীন মফচলীয় সাংবাদিক সকলৰ অন্যতম সংগ্রামী মঞ্চ তথা অসম চৰকাৰৰ ট্রেড ইউনিয়ন আইনৰ অধীনত পঞ্জীয়নভুক্ত সাংবাদিক সংগঠন 'আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন' চমুকৈ আপকুৰ কেন্দ্ৰীয় সমিতি, বিভিন্ন জিলা আৰু মহকুমা সমিতিয়ে মুঠ ১১ টা দাবী সম্বলিত এক স্মাৰক পত্ৰ পৃথকে পৃথকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।

আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বপন কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান শৰৎ শেনছোৱাৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰত আপকুৰ কেন্দ্ৰীয় কার্যালয় স্থাপনৰ বাবে গুৱাহাটী মহানগৰৰ আশে-পাশে অতি কমেও ৩ (তিনি)কঠা চৰকাৰী ভূমি আবন্টন দিয়া, চলিত বৰ্ষত বন্ধ হৈ থকা সাংবাদিকৰ পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰি মাহিলী পেঞ্চন ৮ হেজাৰ টকাৰ পৰা ২০ হেজাৰ টকালৈ বৃদ্ধি কৰা, প্রত্যেক বছৰে সাংবাদিক পেঞ্চনৰ বাবে অতি কমেও ৪০ গৰাকীকৈ ৬০ বছৰ উৰ্ধৰ সাংবাদিকক নির্বাচন কৰা, পূৰ্বৰ ৰাজ্যিক বাজেটত ঘোষণা কৰা, সাংবাদিকৰ এককালীন সাহার্য মোকলাই দিয়া, চৰকাৰী স্বীকৃতিপ্রাপ্ত মফচলীয় সাংবাদিক তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ সকলো তথ্যপাতি শুদ্ধ আৰু বিধিগতভাৱে দাখিল কৰাৰ পাছত ১০০ শতাংশ চিকিৎসা সাহার্য মোকলাই দিয়া, অসমৰ সংবাদকর্মীসকলক উপযুক্ত যোগ্যতাৰ ভিত্তিত প্ৰতি বছৰে মিডিয়া ফেল’শ্বিপ প্ৰদানৰ ব্যৱস্থা কৰা, পূৰ্বৰ চৰকাৰে ৰূপায়ন কৰা চৰকাৰী স্বীকৃতিপ্রাপ্ত গ্ৰাম্য সাংবাদিকৰ চুবুৰীয়া ৰাজ্য ভ্ৰমণ আঁচনিখন (GOOD WILL TOUR) পুনৰ প্ৰৱৰ্তন কৰা, ভাৰতীয় ৰেলত যাতায়ত ব্যৱস্থাত পূৰ্বৰ ৫০ শতাংশ ৰেহাই ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনাইছে।

ইয়াৰোপৰি অসমৰ সংবাদ পত্ৰ আৰু বৈদ্যুতিন মাধ্যমত কৰ্মৰত হৈ থকা সকলো চৰকাৰী চাকৰিয়ালক সাংবাদিকতা বৃত্তিৰ পৰা শীঘ্ৰেই অব্যাহতি দিয়া, অসম পৰা প্ৰকাশিত বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমসমূহে তথ্য আৰু জনসংযোগ বিভাগৰ পৰা বিজ্ঞাপনৰ বাবদ পাব লগা অনাদায় ধন শীঘ্ৰেই মোকলাই দিয়া, যিসকল চৰকাৰী চাকৰিবিহীন মফচলীয় সাংবাদিকে অদ্যপৰিমিত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ পৰা ‘চৰকাৰী স্বীকৃতি পত্র' (GOVT RECOGNATION CARD) লাভ কৰা নাই সেইসকলৰ সুবিধার্থে শীঘ্ৰেই জিলা/ৰাজ্যিক পর্যায় (DISTRICT/ STATE LEVEL)ৰ সমিতিৰ সভা আহ্বান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু জিলা তথা মহকুমা সদৰ সমূহৰ পৰা নতুন নতুন আবেদনকাৰীৰ পৰা আবেদন পত্ৰ বিচৰাৰ ব্যৱস্থা কৰা, সংবাদ সেৱাৰ নামত একাংশ মতলবী ব্যক্তি তথা প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত কাঠফুলাৰ দৰে গঢ় লৈ চৰকাৰী পঞ্জীয়ন বিহীন সকলো ‘ৱেব প'ৰ্টেল'ক অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা নতুন নীতি-নির্দেশনা প্রস্তুত কৰি বিভাগটোৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

আজি আপকু কেন্দ্রীয় সমিতিৰ সাংগাঠনিক সম্পাদক নৱ কুমাৰ ডেকা, ওদালগুৰি জিলা সমিতিৰ সভাপতি দীপক ডেকা, সম্পাদক ফটিক ৰাভাৰ নেতৃত্বত ওদালগুৰি জিলা আপকুৰ এটা প্রতিনিধি দলে ১১জানুৱাৰীত আপকুৰ ওদালগুৰি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আনহাতে স্মাৰক পত্ৰত উল্লেখ কৰা আপকুৰ দাবীসমূহ কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ওদালগুৰি জিলা সমিতিৰ তৰফৰ আশা প্ৰকাশ কৰে।

সাংবাদিকৰ সমস্যাবোৰ সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ  আপকুৰ স্মাৰক পত্র প্রদান
উৰিয়াগাঁৱৰ ভোগালী মেলাত বিধায়ক ৰূপক শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in