/asomiyapratidin/media/media_files/2025/02/17/KxA86OhW50okAvLZyrMO.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ স্বাধীনতাৰ পিছত পোন প্ৰথমবাৰৰ বাবে আজি অসম বিধানসভাৰ বাজেট অধিবেশন কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'য় । দুপৰীয়া ১২ বজাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাৰতীয় সংবিধানৰ ১৭৬ (১) অনুচ্ছেদৰ অধীনত বিধানসভাৰ বাজেট অধিবেশনত ভাষণ আৰম্ভ কৰে।
ৰাজ্যপালে এডভাণ্টেজ আছাম ২.০ সম্পৰ্কে ভাষণ দি থকা অৱস্থাত বিধায়ক অখিল গগৈয়ে এডভান্টেজ আছাম ১.০ ত অসমে কি পালে বুলি প্ৰশ্ন উত্থাপন কৰি সেই সন্দৰ্ভত প্ৰথমে স্পষ্ট কৰিবলৈ আহ্বান জনায়। ৰাজ্যপালৰ ভাষণৰ মাজতে বিধায়ক অখিল গগৈয়ে কেইবাবাৰো এডভান্টেজ আছামক লৈ প্ৰশ্ন উত্থাপন কৰাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অখিল গগৈক প্ৰশ্নকালীন শিতানত হে প্ৰশ্ন কৰিবলৈ অনুৰোধ কৰি বিধায়ক অখিল গগৈক বহিবলৈ নিৰ্দেশ দিয়ে ৷
তৎস্বত্বেও অখিল গগৈয়ে নিজৰ স্বভাৱজাত প্ৰক্ৰিয়াৰে সদনত থিয় হৈ কয় যে, বিটিআৰত আজি বাজেট অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হৈছে যদিও ৰাজ্যপালৰ ভাষণত বিটিআৰ চুক্তি সম্পৰ্কে কোনো কথা নাই। বিটিআৰ চুক্তিৰ কথা কওঁক, বিটিআৰ চুক্তি ১০০ শতাংশ ৰূপায়ন কেতিয়া হ'ব সেই সন্দৰ্ভত স্পষ্টকৈ কওঁক, বড়োসকলৰ সংগ্ৰামৰ বিষয়ে কওঁক বুলি বিধায়ক অখিল গগৈয়ে সদনৰ মজিয়াত বক্তব্য ৰাখে ।
এনে এক পৰিৱেশৰ মাজতেই ৰাজ্যপালৰ ভাষণ সমাপ্ত হয় ৷ ইয়াৰ পিছতে সদনৰ কাৰ্যসূচী ডেৰঘন্টাৰ বাবে বিৰত ৰখা হয় ৷ প্ৰায় ডেৰ ঘন্টাৰ পিছত পুনৰ সদনৰ কাৰ্যসূচী আৰম্ভ হয় ৷ ইয়াৰ পিছতে সদনে প্ৰাক্তন বিধায়ক, বিধায়িকা আৰু অন্যান্যসকল মৃত্যুত শোক প্ৰকাশ কৰে।
কাৰ্যক্ৰমনিকা অনুসৰি ইয়াৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা CCE-2013(vol-1) আৰু সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা CCE ( 2014-1) ৰ লগত জড়িত অভিযোগ আৰু দুৰ্নীতি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰী বি.কে শৰ্মাৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত আয়োগৰ দুখন প্ৰতিবেদন দাখিল কৰে ৷ ইয়াৰ পিছত অসম বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ ২০২৫ চনৰ বাজেট অধিবেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰে ৷
তদুপৰি মন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ বৰ্ষৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজন সমূহ উপস্থাপন কৰে ৷ ইয়াৰ পিছত বিধায়ক লৰেন্স ইছলাৰীয়ে অসমৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্গত অঞ্চল সমূহৰ আৰ্থসামাজিক আৰু সামগ্ৰীক উন্নয়নৰ ওপৰত আলোচনা কৰে ৷
বিধানসভাৰ মজিয়াৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আৰু উপমুখ্য কাৰ্যবাহী সদস্য পদৰ কেবিনেট মৰ্য্যদা বাহাল ৰখাৰ দাবী জনায়। তদুপৰি বিটিএডি এলেকাক অৰ্থনৈতিক জ'ন ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা উন্নয়নমূলক আচঁনিৰ ধন পোনপটীয়াকৈ বিটিচিলৈ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ৷
আনহাতে সদনৰ মজিয়াত অখিল গগৈয়ে কয় যে, বিটিআৰ চুক্তিৰ ৭৯ টা কামৰ ভিতৰত ২৪ টা কাম এতিয়ালৈ কৰা হ'ল ৷ অতিশীঘ্ৰে এশ শতাংশ কাম কৰিবলৈ চৰকাৰক দাবী জনায় ৷ তেওঁ বিটিচিৰ ৪০ টা সমষ্টিৰ পৰা ৬০ টা সমষ্টি বৃদ্ধি কৰাৰ দাবী জনাইছে ৷
বিটিআৰ চুক্তি আখৰে আখৰে পালন নকৰিলে বিটিএডি অঞ্চলত পুনৰ অস্ত্ৰৰ ঝনঝননি আৰু আন্দোলন হ'ব পাৰে বুলি উদাত্ত কণ্ঠৰে সদনত নিজ মত ব্যক্ত কৰে অখিল গগৈয়ে ৷ উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বাজেট অধিবেশনক লৈ বিটিচি বিধান পৰিষদীয় ভৱন আৰু বিটিচি সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ চহৰ ন ৰূপত সজাই তোলা হৈছিল ।
কোকৰাঝাৰ চহৰৰ বাট-পথৰ দুয়োকাষে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ লগোৱাৰ লগতে ৰাস্তাৰ দুয়োকাষে থকা আৱৰ্জনা সমূহ আতঁৰ কৰি কোকৰাঝাৰ চহৰ সুন্দৰ ৰূপত সজাই তুলিছিল। ইপিনে আজি বিধানসভাৰ অধিবেশনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য,বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু ১২৬ গৰাকী মন্ত্ৰী, বিধায়ক,বিধায়িকাক বিটিচি বিধান পৰিষদীয় ভৱনলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক নৃত্যৰে আদৰি অনা হয় ৷
উল্লেখ্য যে বাজেট অধিবেশনত অংশগ্ৰহণ কৰিবলৈ মন্ত্ৰী, বিধায়ক- বিধায়িকা সকলে আজি ৰাতিপুৱাই গুৱাহাটীৰ পৰা বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হয় আৰু বজালীত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত ৰাতিপুৱা ১১ মান বজাত উপস্থিত হয় ৷
ইপিনে বাজেট অধিৱেশনৰ অন্তত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে গণতান্ৰিক ইতিহাসত বিটিআৰ অঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন বুলি বিবেচিত হৈ ৰব বুলি মন্তব্য কৰিছে । এই বিশেষ দিনটোৰ বাবে লোৱা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীয়ে সকলো জাতি জনগোষ্ঠীকে সম অধিকাৰ দিয়াৰ বাবে অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে বুলি মন্তব্য কৰিছে ।
২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোকৰাঝাৰত আহি এতিয়াৰে পৰা আৰু কোনো মাতৃ -ভগ্নীয়ে যাতে চকুপানী মচিব নালাগিব বুলি কোৱা কথাষাৰ আখৰে আখৰে ৰূপায়িত হৈছে বুলি মন্তব্য কৰি কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন বহিছে মানে শান্তি যে ঘূৰি আহিছে সেয়া প্ৰমানিত হৈছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ।
মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাই ধনাত্মক পৰিৱেশ সৃষ্টি কৰিছে আৰু নেৰ্তৃত্বৰ ধনাত্মক চিন্তাৰ বাবে দেশ ৰাজ্য আগবাঢ়ি যায় বুলি মন্তব্য কৰি ষষ্ঠ অনুুসূচীৰ ওপৰত সদনত হোৱা আলোচনাই ষষ্ঠ অনুসূচীত বসৱাস কৰা সকলো জাতি জনগোষ্ঠীক আগবঢ়াই নিব বুলি মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যসূচী প্ৰমোদ বড়োৱে ৷